মানৱেন্দ্ৰ কুমাৰ দাসঃ আচৰিত যেন লাগিলেও বিজ্ঞানৰ গৱেষণাত এই তথ্য উদঘাটন হৈছে৷ হয়, এখন বিস্কুটত নিহিত হৈ আছে জীৱন আৰু যৌৱনৰ ৰহস্য৷ কিন্তু কি সেই বিস্কুট? বিশ্বত অতি দুৰ্লভ হৈ পৰিছে নেকি সেই জীৱন আৰু যৌৱনৰ ৰহস্য নিহিত থকা বিস্কুট?
কিয়নো এই বিস্কুট প্ৰস্তুত কৰা হয় এক প্ৰাকৃতিক পদাৰ্থৰে৷ আৰু সেই পদাৰ্থবিধ আহৰণ কৰা হয় পৃথিৱীত উপলব্ধ এবিধ উদ্ভিদৰ পৰা৷ এই পদাৰ্থবিধৰ শক্তি আৰু উপকাৰিতা অপৰিসীম৷ বিশেষকৈ মানুহৰ সুস্থ জীৱন আৰু দীৰ্ঘ যৌৱনৰ বাবে৷ কিয়নো এই বিস্কুটবিধত থকা পদাৰ্থই মানৱ জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো উপাদানৰে যোগান ধৰিব পাৰে৷ আৰু সেই পদাৰ্থৰে প্ৰস্তুত কৰা বিস্কুট সেৱনে মানুহৰ শৰীৰক যে কেৱল নিৰোগী আৰু দীৰ্ঘায়ু কৰিব পাৰে তেনে নহয়… ই যৌৱন ধৰি ৰখাটো বিশেষভাৱে সহায় কৰে৷
পদাৰ্থবিধৰ যাদুকৰী গুণসমূহৰ কিছু উল্লেখ কৰিব বিচাৰিছো৷ এই পদাৰ্থবিধে মেদবহুলতাৰ সমস্যা নিৰাময় কৰে৷ মানৱ শৰীৰত বৃদ্ধি হয় ৰোগ প্ৰতিৰোধী ক্ষমতা৷ পাচন প্ৰক্ৰিয়া অত্যন্ত ক্ষমতাশালী আৰু ক্ষিপ্ৰ হয়৷ সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন নিয়মীয়া কৰি তুলিব পাৰে সেই বিস্কুটত থকা সামান্যা পদাৰ্থবিধে৷ শৰীৰৰ প্ৰতিটো অংগ–প্ৰত্যংগই লাভ কৰে অক্সিজেনৰ পৰ্যাপ্ত যোগান৷ সেইবাবে কাৰ্যক্ষম হৈ থাকে আভ্যন্তৰীণ অংগসমূহ৷
লগতে পঢ়ক তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!
উল্লেখযোগ্য যে দীৰ্ঘ যৌৱনৰ বাবেও শৰীৰত ৰক্ত সঞ্চালনৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি৷ এইবিধ বিস্কুট খোৱাৰ কৰা নাৰীৰ পংগু সন্তান জন্ম নহয়৷ অন্য অৰ্থত পংগুত্বকো গতিৰোধ কৰিব পাৰে উদ্ভিদজাত এইবিধ উপাদানে৷ প্ৰতি ১২০ গ্ৰাম এনে পদাৰ্থত থকা মৌলসমূহৰ গুণাগুণো অতি আচৰিত৷
তেনে পৰিমাণৰ পদাৰ্থত ৭৮ কিলো কেল’ৰি শক্তি থাকে৷ প্ৰ’টিনৰ পৰিমাণ ৫ গ্ৰাম৷ যি উপাদানে মজবুত আৰু নিৰোগী কৰি তোলে মানৱ শৰীৰ হাড়৷ কাৰ্বহাইড্ৰেডৰ পৰিমাণ ১৬.০৭ গ্ৰাম৷ আঁহজাতীয় পদাৰ্থ ১.৬ গ্ৰাম৷ লিপিডৰ পৰিমাণৰ ০.২৪ গ্ৰাম৷ কেলচিয়ামৰ পৰিমাণ ৭ মিলিগ্ৰাম৷
উল্লেখযোগ্য যে মানুহৰ দাঁত আৰু চুলিৰ বাবে কেলচিয়ামৰ প্ৰয়োজন সৰ্বাধিক৷ সেই বিস্কুটবিধত নিহিত থাকে ২.৬৬ মিলিগ্ৰাম লৌহ পদাৰ্থ৷ মেগনেচিয়ামৰ পৰিমাণ ৩০ গ্ৰাম৷ ফছফৰাছ ১১৮ গ্ৰাম৷ আনহাতে, মানুহৰ যৌন শক্তি বৃদ্ধিৰ ক্ষেত্ৰত ফছফৰাছৰ ভূমিকা যথেষ্ট বেছি৷ পটেছিয়ামৰ পৰিমাণ ৫৪৫ মিলিগ্ৰাম৷ আৰু সেইবাবে এই বিস্কুট খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি৷ সেইবাবে উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ বাবে এই বিস্কুট জীৱনদায়িনী দৰৱস্বৰূপ৷
লগতে পঢ়ক কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ড আৰু ম’ব লিঞ্চিং একে! কিয় বিতৰ্কিত মন্তব্য অভিনেত্ৰী ছাই পল্লৱীৰ?
ছ’ডিয়ামৰ পৰিমাণ ৩১ মিলিগ্ৰাম৷ ফ’লেটৰ পৰিমাণ ৪০৬ আল্ট্ৰাগ্ৰাম৷ নিয়াছিনৰ পৰিমাণ ২.০৩ আল্ট্ৰাগ্ৰাম৷ থিঅ’মিনৰ পৰিমাণ ০.১৭২ মিলিগ্ৰাম৷ ৰিব’ফ্লেৱিঙৰ পৰিমাণ ০.০৭১ মিলিগ্ৰাম৷ বিষ নিৰাময়ৰ বাবে এই পদাৰ্থবিধেৰে দৰব প্ৰস্তুত কৰা হয়৷ আৰু সেইবাবে এই বিস্কুটত বিষ নিৰাময়কাৰী গুণো আছে৷ এতিয়া স্বাভাৱিকতে মনত এই প্ৰশ্ন উদয় হয় সেই দুষ্প্ৰাপ্য বিস্কুট বজাৰলৈ আহিব কেতিয়া?
উল্লেখযোগ্য যে এই উদ্ভিদবিধ পৃথিৱীত ৭০ হাজাৰ বছৰ পূৰ্বতে সৃষ্টি হৈছিল বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ বৈজ্ঞানিক ভাষাত উদ্ভিদবিধৰ নাম ‘মেৰেণ্টা এৰুণ্ডিনাচি’৷ এই উদ্ভিদবিধৰ শিপা বা মূল অংশক এৰাৰুট হিচাপে জনা যায়৷ সেই এৰাৰুটৰ পাউদাৰ অথবা গুড়িৰে প্ৰস্তুত কৰা হয় সেই নিৰ্দিষ্ট বিস্কুট৷
লগতে পঢ়ক ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি
বিশ্বৰ বজাৰত সেই বিস্কুটবিধ থিন এৰাৰুট বিস্কুট হিচাপে পৰিচিত৷ ভাৰততো বহুকেইটা কোম্পানীয়ে এৰাৰুটৰ বিস্কুট প্ৰস্তুত কৰি বৃহৎ ব্যৱসায় চলাই আছে৷ কিন্তু সেই বিস্কুটত প্ৰকৃত এৰাৰুটৰ পৰিমাণ কিমান সেই চিন্তনীয়৷ কিন্তু অদূৰ ভৱিষ্যতে ১০০ শতাংশ এৰাৰুটযুক্ত বিস্কুট প্ৰস্তুত কৰিবলৈ ইতিমধ্যে ৪ টা মাল্টিনেচনেল কোম্পানীয়ে পেটেণ্ট বিচাৰি সংশ্লিষ্ট চৰকাৰৰ ওচৰত আৱেদনো কৰিছে৷
আৰু হয়তো কম সময়ৰ ভিতৰতে বজাৰত উপলব্ধ হ’ব সম্পূৰ্ণ ১০০ শতাংশ এৰাৰুটৰ বিস্কুট৷ যিয়ে হয়তো মানুহৰ জীৱনলৈ আনিব এক নতুনত্ব অথবা জীৱনশৈলীত বৈপ্লৱিক পৰিৱৰ্তন৷ অপেক্ষা মাথোঁ সময়ৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ