দক্ষিণ ছবিৰ বিখ্যাত তথা জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱী তেওঁৰ শক্তিশালী অভিনয়ৰ লগতে নিৰ্দোষ কথন শৈলীৰ বাবে বিখ্যাত। ছাইয়ে প্ৰায়ে বহু বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে আৰু অনুৰাগীসকলে তেওঁৰ এই স্বভাৱটো খুবেই ভাল পায়।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি বীৰাতা পৰিয়ামৰ প্ৰচাৰত ব্যস্ত হৈ আছে৷ আৰু এই সময়ছোৱাত এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কাশ্মীৰী পণ্ডিতক হত্যা কৰা আৰু ম’ব লিঞ্চিং একে বুলি অভিহিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।
অভিনেত্ৰীগৰাকীৰ এই সাক্ষাৎকাৰটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ইয়াক লৈ মানুহে মিশ্ৰিত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। কিছুমানে ইয়াক হাস্যকৰ বুলি অভিহিত কৰিছে, আনহাতে কিছুমানে পল্লৱীৰ সাহসক চেল্যুট দিয়াও দেখা গৈছে৷
লগতে পঢ়ক গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ
ইউটিউব চেনেলটোক দিয়া এক সাক্ষাৎকাৰত ছাই পল্লৱীয়ে কয় যে, ‘‘বলীউডৰ ছবি দ্য কাশ্মীৰ ফাইলছত দেখুওৱা হৈছে যে কাশ্মীৰী পণ্ডিতসকলক কেনেদৰে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। একে সময়তে কিছুদিন পূৰ্বে গৰু কঢ়িয়াই নিয়া এজন মুছলমান লোকক নৃশংসভাৱে প্ৰহাৰ কৰি জয় শ্ৰী ৰাম শ্লোগান দিবলৈ কোৱা হৈছিল। এই দুয়োটা ভুল আৰু এয়া ধৰ্মৰ নামত হিংসা। এই দুটা কাণ্ডৰ মাজত পাৰ্থক্য কি?’’
এইদৰে কৈ ছাই পল্লৱীয়ে ‘মই নিৰপেক্ষ হৈ থাকো’ থাকো বুলি ধৰ্মীয় উদাৰতা প্ৰদৰ্শন কৰিছে৷ অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘মই নিৰপেক্ষ পৰিৱেশত ডাঙৰ হৈছো। লেফ্ট উইং আৰু ৰাইট উইংৰ বিষয়ে বহুত শুনিছো, কিন্তু কোন সঠিক আৰু কোন ভুল ক’ব নোৱাৰো।’’
অভিনেত্ৰীগৰাকীয়ে আৰু কয়, ‘‘আপুনি ভুক্তভোগীসকলক সুৰক্ষা দিব লাগিব। যদি আপুনি এজন ভাল মানুহ, তেন্তে তেওঁৰ কথা সঠিক বুলি নাভাবে। মই নিৰপেক্ষ আৰু সদায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰো। মোৰ বিশ্বাস যে কেৱল দুজন সমকক্ষ মানুহৰ মাজতহে কাজিয়া হ’ব পাৰে, কিন্তু দুজন বেলেগ বেলেগ মানুহৰ মাজত হ’ব নোৱাৰে।’’
লগতে পঢ়ক ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে গৰম কালিত কি কি খাদ্য খাব?
ইফালে ছাই পল্লৱীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু এতিয়া ইউজাৰসকলে ইয়াক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। অনুৰাগীসকলে পল্লৱীক সমৰ্থন কৰি কৈছে যে তেওঁ সদায় সঠিক কথাই কয়।
এজন অনুৰাগীয়ে লিখিছে, ‘‘কেৱল ছাউথৰ তাৰকাসকলেহে সঁচা কথা ক’ব জানে।’’ আন এজনে লিখিছে, ‘‘মই ছাইৰ কথাত সম্পূৰ্ণ একমত আৰু এই দুয়োটা কাণ্ড ভুল।’’
আনহাতে, কিছুমানে পল্লৱীক ট্ৰ’ল কৰি লিখিছে, ‘‘ছাই এগৰাকী মূৰ্খ অভিনেত্ৰী৷’’ আন এজনে লিখিছে, ‘‘ছাইয়ে গোটেই সত্যটো নাজানে আৰু নজনাকৈয়ে কথা কোৱা উচিত নহয়।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ