যোৱা ২৬ আগষ্টত নলবাৰীৰ ব্যক্তিগত খণ্ডৰ শুশ্ৰূষা মেডিকেলত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
এটি পুত্ৰ সন্তান জন্ম দিয়াৰ এদিনৰ পিছতে মৃত্যু হোৱা প্ৰসূতিগৰাকী হৈছে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° ৰুমী কাকতি৷
প্ৰথমাৱস্থাত অধ্যাপিকাগৰাকী চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল যদিও এতিয়া এই ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে৷
বিশেষকৈ ডঃ ৰুমী কাকতিৰ সহকৰ্মী তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষকে অধ্যাপিকাগৰাকীৰ স্বামীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টুৱাইছে৷
লগতে পঢ়ক নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে
ইতিমধ্যে অধ্যাপিকাগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষকে নলবাৰী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাষ চাপিছে৷ অমায়িক অধ্যাপিকাগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি সুকীয়া সুকীয়াকৈ আবেদন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷
ড° ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে স্বামীয়ে দীৰ্ঘদিনৰ পৰা অধ্যাপিকাগৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আহিছিল৷
তেওঁলোকে লগতে প্ৰশ্ন কৰে যে দীৰ্ঘদিনে শাৰীৰিক–মানসিক আৰু আৰ্থিকভাৱে অত্যাচাৰ কৰা স্বামীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ কিয় সৎকাৰ কৰিলে? কিয় স্বামীৰ তত্ত্বাৱধানত মাজনিশাই গোপনে অধ্যাপিকা ড° ৰুমী কাকতিৰ শৱদেহ সৎকাৰ কৰা হ’ল বুলিও প্ৰশ্ন কৰিছে৷
উল্লেখযোগ্য যে নলবাৰীস্থিত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল ড° ৰুমী কাকতি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ