ইউনেস্কোৰ স্বীকৃত বিশ্বৰ ঐতিহ্যমণ্ডিত কুতুব মিনাৰৰ কমপ্লেক্সত অৱস্থিত মোগল মছজিদত এএছআইয়ে নমাজ পঢ়া নিষিদ্ধ কৰিছে। মছজিদটোৰ ইমাম মৌলানা শ্বেৰ মহম্মদে কয় যে এএছ আইয়ে নমাজ প্ৰসাদ নিষেদ্ধাজ্ঞা জাৰি কৰিছে।
সাংস্কৃতিক মন্ত্ৰালয়ৰ এজন বিষয়াই সোমবাৰে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ প্রত্নতাত্ত্বিক জৰীপৰ নীতি অনুসৰি নিৰ্জীৱ স্থানত পূজা-পাতলৰ অনুমতি নিদিয়ে৷ বিষয়াগৰাকীয়ে কয় যে, ‘‘এএছআইৰ নীতি অনুসৰি নিৰ্জীৱ ঠাইত পূজা নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ এনে কোনো আদেশ জাৰি কৰা হোৱা নাই।’’
ইয়াৰ পূৰ্বে কুতুব মিনাৰৰ কমপ্লেক্সত খনন কাৰ্য চলাবলৈ মন্ত্ৰালয়ে ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগক নিৰ্দেশ দিয়াক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হয়। অৱশ্যে, সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়াও খনন সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰণণ কৰা নাই।
লগতে পঢ়ক যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?
সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহনসহ এটা প্ৰতিনিধি দল আৰু এএছআইৰ কেইবাজনো বিষয়াই এই স্থান পৰিদৰ্শন কৰাৰ তাৰ পিছতে এই সম্পৰ্কীয় উৰা বাতৰি প্ৰচাৰ হোৱা বুলিও কোৱা হৈছে। মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে ইতিমধ্যে এই যাত্ৰা নিয়মীয়া আছিল আৰু ইয়াৰ সৈতে ‘চৌহদ খনন’ক লৈ হোৱা বিতৰ্কৰ সৈতে কোনো সম্পৰ্ক নাই।
অৱশ্যে মিনাৰৰ আশে-পাশে থকা জৈন আৰু হিন্দু মন্দিৰত থকা মূৰ্তিৰ তালিকা এখন বনোৱাৰ কথা চৰকাৰে বিবেচনা কৰি আছে বুলিও এজন বিষয়াই জানিবলৈ দিয়ে। দিল্লীৰ কুতুব মিনাৰৰ কমপ্লেক্সত উদ্ধাৰ হোৱা হিন্দু আৰু জৈনৰ ভাস্কৰ্য প্ৰদৰ্শন কৰাৰ কথা চিন্তা কৰিছে আৰু সাংস্কৃতিক মন্ত্ৰালয়ে আৰু সেই স্থান খনন কৰাৰ বা কোনো ধৰণৰ ধৰ্মীয় প্ৰথা বন্ধ কৰাৰ কোনো পৰিকল্পনা নাই বুলি এজন উচ্চপদস্থ বিষয়াই প্ৰকাশ কৰিছে।
লগতে পঢ়ক অসবৰ্ণ বিবাহ! ছুৰিকাঘাত কৰি স্বামীক হত্যা, সন্দেহৰ আৱৰ্তত খুলশালি
কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্মৃতিসৌধ প্ৰাধিকৰণৰ অধ্যক্ষ তৰুণ বিজয়ে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)লৈ পত্ৰ লিখি কুৱাত-উল-ইছলাম মছজিদত উদ্ধাৰ হোৱা গণেশৰ মূৰ্তি দুটা চৌহদৰ পৰা আঁতৰাই নিবলৈ অনুৰোধ জনোৱা হৈছিল। ইয়াৰ পিছতে যোৱা সপ্তাহত প্ৰাক্তন কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ পেটেলে বিষয়টোক অধিক বিতৰ্কৰ মাজলৈ লৈ যায়।
তেওঁ কৈছিল, “ভাৰতৰ মৰ্যাদাৰ লগত জড়িত তিনিটা স্থান আছিল, যিবোৰক লৈ দেশখন অতি স্পৰ্শকাতৰ হৈ আহিছে— কাশী, মথুৰা আৰু অযোধ্যা।’’ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, “কুতুব মিনাৰৰ বিষয়ে ফাৰ্চী ভাষাত লিখা আছে যে ইয়াক ২৭টা মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছে৷’’
ইয়াৰ পূৰ্বে দিল্লীৰ এখন আদালতৰ অতিৰিক্ত জিলা ন্যায়াধীশ নিখিল চোপ্ৰাই পৰৱৰ্তী নিৰ্দেশ জাৰী নকৰালৈকে ‘কুতুব মিনাৰৰ কমপ্লেক্সৰ পৰা ভগৱান গণেশৰ মূৰ্তি দুটা আঁতৰাই নিদিবলৈ’ এএছআইক নিৰ্দেশ দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ