৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী
বৰ্তমানে বলীউডৰ সবাতোকৈ চৰ্চিত আৰু কৌতুহল হৈ থকা চবিখনেই হৈছ নমিত মালহোত্ৰাৰ ‘ৰামায়ণ’। ৰনবীৰ কাপুৰ আৰু সাই পল্লৱীৰ ৰাম-সীতাৰ চৰিত্ৰৰে নিৰ্মাণ হৈ থকা এই ছবিখনৰ প্ৰতিটো চৰিত্ৰই এতিয়া দৰ্শক তথা অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
ৰামৰ চৰিত্ৰত ৰনবীৰ, সীতা- সাই পল্লৱী, ৰাৱন- য়শ, হনুমান -ছানী দেউল, ৰাৱন পত্নী মন্দোদৰী – কাজল অগৰৱাল, দশৰথ- অৰুণ গোভিল, লক্ষ্মণ- ৰবি ডুবে। পাছে এতিয়া পোহৰলৈ আহিছে লক্ষণ পত্নী তথা সীতা ভগ্নী উৰ্মিলাৰ চৰিত্ৰৰ কাষ্টিঙৰ কথা।
অসমৰ এগৰাকী যুৱতীয়ে লাভ কৰিছে এই চৰিত্ৰ। ইনষ্ট্ৰাগ্ৰাম যোগে সদৰি কৰিছে এই ৪০০০ কোটি টকীয়া নমিত মালহোত্ৰাৰ ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰ লাভ কৰাৰ কথা।
সেই সুন্দৰী গৰাকী হৈছে সুৰভী দাস। ইতিমধ্যে হিন্দী টেলিভিছন জগতত নাম গঢ়া সুৰভীয়ে কৰিছে ‘নীমা ডেংজোম্পা’ নামৰ জনপ্ৰিয় ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ। ইয়াৰ উপৰি বঙালি ছবিজগততো চিনেমাত মুখ্য চৰিত্ৰ কৰি নাম গঢ়িছে অসমৰ সুৰভীয়ে।
সুৰভীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে এই খবৰ সদৰি কৰি কৈছে যে, এই ছবিখনৰ অংশ হৈ বহুত ভাল লাগি আছে, ৱেলকাম টু দা ৱৰ্ল্ড অৱ নমিত মালহোত্ৰা ‘ৰামায়ণ’।
অৱশ্যে সুৰভীয়ে নিজেই উৰ্মিলাৰ চৰিত্ৰ কৰাৰ কথা সদৰি কৰা নাই। সামাজিক মাধ্যমত যোগে হে সুৰভীয়ে উৰ্মিলাৰ চৰিত্ৰ ৰূপায়ন কৰিব বুলি খবৰ প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ





















