জ্যোতিষমতে নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ৷ জ্ঞান আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধ আৰু সৌভাগ্য আৰু সাফল্যৰ কাৰক গ্ৰহ বৃহস্পতিয়ে আগন্তুক ১৬ ফেব্ৰুৱাৰী পৰস্পৰৰ পৰা ১২০ ডিগ্ৰী কোণত অৱস্থান কৰি নৱপঞ্চম ৰাজযোগ গঠন কৰিব৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত নানান দিশৰ পৰা উন্নতি কৰিব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
নৱপঞ্চম ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতিৰ ফলত লাভ পাব মেষ ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতি হ’ব পাৰে বা নতুন চাকৰিও পাব পাৰে৷ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ পৈতৃক সম্পত্তিৰ পৰা অৰ্থলাভ হব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা দৃঢ় হব৷ ব্যৱসায়িক চুক্তি লাভজনক হব৷
মিথুন ৰাশি
বুধৰ ৰাশি মিথুনত নৱপঞ্চম ৰাজযোগৰ প্ৰভাৱ লাভজনক হব৷ ৰৈ থকা অৰ্থ এই সময়ত লাভ কৰিব৷ বিনিয়োগৰ বাবে এই সময় শুভ৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷ শিক্ষা আৰু গৱেষণাৰ সৈতে যুক্তসকলৰ উন্নতি হব পাৰে৷
সিংহ ৰাশি
নৱপঞ্চম ৰাজযোগে সিংহ ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলি দিব৷ হঠাৎ বিপুল অৰ্থলাভ হব পাৰে৷ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰো যোগ আছে৷ আত্মবিশ্বাস বাঢ়িব৷ কঠিন সময়ৰ মোকাবিলা কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷
তুলা ৰাশি
বুধ-বৃহস্পতিৰ নৱপঞ্চম ৰাজযোগত আৰাম আৰু বিলাসিতা বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষক নিজৰ কাষত পাব৷ জীৱনসংগীৰ পৰা অৰ্থলাভ কৰিব পাৰে৷ আপোনাৰ মুখৰ ভাষা মধুৰ হব৷ মিঠা কথাৰে আপুনি সমস্যাৰ সমাধান কৰিব পাৰিব৷ আইনী যুঁজত জয়ী হব৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ নৱপঞ্চম যোগত আৰ্থিক পৰিস্থিতি মজবুত হোৱাৰ ওপৰিও পৰিয়ালত সুখ শান্তি থাকিব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব৷ বিদেশৰ সৈতে ভাল ব্যৱসায়ত যুক্ত হলে উল্লেখযোগ্য লাভ কৰিব পাৰে৷ যি সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি অতিষ্ঠ কৰি আছিল তাৰপৰা মুক্তি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















