নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ
২০২৪ চনৰ পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে। যদিও তেওঁ টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল, এইবাৰ ৰূপতে ক্ষান্ত থাকে। স্বৰ্ণ পদক লাভ নকৰাৰ পিছত নিৰাজ চোপ্ৰাক নিৰাশ যেন লাগিছিল যদিও ৰূপৰ পদক লৈ মাতৃ অতি সুখী আছিল। তেওঁ কৈছিল যে তেওঁৰ বাবে ৰূপ সোণৰ দৰেই। এই ইভেণ্টত পাকিস্তানৰ আৰ্শ্বাদ নাদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল।।
পেৰিছ অলিম্পিকত পাকিস্তানৰ আৰ্শ্বাদ নদীমে স্বৰ্ণ জয় কৰাৰ কথা সোধাত নীৰজৰ মাতৃয়ে কৈছিল, ‘মোৰ বেয়া নালাগে। আমাৰ বাবে ৰূপ সোণৰ দৰে। আৰ্শ্বাদো আমাৰ ল’ৰা। তেওঁ কঠোৰ পৰিশ্ৰমো কৰিছে। প্ৰতিজন খেলুৱৈৰ জীৱনত এনেবোৰ কথা ঘটি থাকে। ৰূপৰ পদক লৈ আমি সুখী।
নাৰজৰ মাতৃৰ এই বক্তব্যৰ পাছতে এতিয়া পাকিস্তানত চৰ্চা চলি আছে। মানুহে প্ৰশংসা কৰিছে নীৰজৰ মাতৃৰ। ইফালে পাকিস্তানত নতুন চাহিদাৰ সৃষ্টি হৈছে। পাকিস্তান পিপলছ পাৰ্টিৰ আইতজাজ আহছানে প্ৰধানমন্ত্ৰী শ্বাহবাজক নীৰজ চোপ্ৰাৰ মাতৃক ৰাজ্যিক অতিথি হিচাপে পাকিস্তানলৈ নিমন্ত্ৰণ কৰিবলৈ কয়।
https://x.com/ghulamabbasshah/status/1823803480307286311
আইতজাজ আহছানৰ মতে পাকিস্তানে এই সুযোগৰ সুবিধা লোৱা উচিত। ভাৰতৰ সৈতে শান্তি বৃদ্ধিৰ বাবে পাকিস্তানে উদ্যোগ লোৱা উচিত। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ হ’ব যে পাকিস্তানে যুদ্ধ নহয়, শান্তি বিচাৰে।
উল্লেখ্য যে, অলিম্পিকত সোণৰ পদক অৰ্জন কৰি পাকিস্তানত ছুপাৰষ্টাৰ হৈ পৰিছে আৰ্শ্বাদ নাদীম। একে সময়তে আৰ্শ্বাদৰ মাতৃক নীৰজৰ কথা সোধাত তেখেতে কয়, ‘নীৰজো মোৰ বাবে ল’ৰাৰ দৰে। নদীমৰ বন্ধুও। খেলুৱৈৰ জীৱনত জয়-পৰাজয়ৰ সৃষ্টি হয়। মইও তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ