ঘৰত এখন প্লেকাৰ্ড৷ লিখা আছে, ‘বিচাৰ এতিয়াও বাকী৷’ তাৰপাছতেই এটা জীৱন শেষ৷ ইঞ্জিনিয়াৰ অতুল সুভাষে নিজকে শেষ কৰি দিলে গাৰ্হস্থ্য হিংসাৰ বাবে৷ ২৪ পৃষ্ঠাৰ ছুইচাইড নোটত দায়ী কৰি গৈছে তেওঁৰ পত্নী নিকিতা সিংহানিয়া আৰু পত্নীৰ পৰিয়াল আৰু পৰিয়াল কৰ্টৰ বিচাৰকক৷ অতুল সুভাছৰ ঘটনা ভাইৰেল হওঁতেই উঠিছে কেইবাটাও প্ৰশ্ন৷ দেশত পুৰুষৰ বাবে একো আইন নাই নেকি? কিমান দিন মিছা গোচৰত পুৰুষসকল বলি হৈ থাকিব?
মৰ্মান্তিক ঘটনাটো ঘটাৰ পূৰ্বে অতুলে এটা ৯০ মিনিটৰ ভিডিঅ’ও বনাইছে৷ তাতেই তেওঁ জনাইছে পত্নীয়ে তেওঁৰ বিৰুদ্ধে ৯টা কেছ কৰিছে৷ ৬টা কেছ নিম্ন আদালতত আৰু ৩ টা কেছ উচ্চ আদালতৰ বিচাৰাধীন৷ ২০২২ চনত প্ৰথমে তেওঁৰ পত্নীয়ে অতুল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ দিছে৷ অতুলৰ বিৰুদ্ধে পণপ্ৰথা বা যৌতুক বিচৰা, জোৰ কৰি যৌন সম্পৰ্ক স্থাপনসহ একাধিক ধাৰা অনা হৈছিল৷ আনকি পত্নীৰ পিতৃৰ মৃত্যুৰ বাবেও অতুলক দায়ী কৰা হৈছিল৷ ইয়াৰবাবে ক্ষতিপুৰণো বিচাৰিছিল পত্নীয়ে৷ পাছত অৱশ্যে সেয়া মিছা প্ৰমাণিত হয়৷ তাৰপাছতেই পত্নীয়ে প্ৰতি মাহে দুইলাখ টকাকৈ সন্তান আৰু নিজৰ বাবে দাবী কৰে৷ এই বিষয় সন্দৰ্ভত সুভাষৰ ভাতৃয়ে জনাইছে যে গোচৰ শেষ কৰিবলৈ সুভাষৰ পত্নীয়ে ৩কোটি টকা ক্ষতিপূৰণ বিচাৰিছিল সুভাষৰ পৰা৷ এইকামত তেওঁৰ পত্নীৰ সংগ দিছিল পত্নী পৰিয়ালে৷
সুভাষ যুঁজি গৈছিল৷ উত্তৰপ্ৰদেশৰ বাসিন্দা অতুল কৰ্মসূত্ৰে বাংগালুৰুত থাকিছিল৷ অতুলৰ বিৰুদ্ধে গোচৰসমূহ তৰা হৈছিল উত্তৰপ্ৰদেশত৷ প্ৰায় ৪০বাৰ তেওঁক উত্তৰপ্ৰদেশৰ বিশেষ কৰ্টত হাজিৰ হ’বলৈকো বাধ্য কৰোৱা হৈছিল৷ অতুলে তেওঁৰ ছুইচাইড নোটত লিখিছে, সাম্প্ৰতিকতম শুনানিত বিচাৰক ৰীতা কৌশিকে জনাই যে এই গোচৰৰ কিয় নিষ্পতি হোৱা নাই৷ উত্তৰত অতুলে জনাই যে তেওঁৰ স্ত্ৰীয়ে প্ৰথমে এক কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল আৰু এতিয়া তিনিকোটি টকা দাবী কৰিছে৷ বিচাৰকে তেতিয়া কয় যে, আপোনাৰ ওচৰত ইমান টকা আছে বাবেই পত্নীয়ে বিচাৰিছে৷ ইয়াৰপাছতেই অতুলে নেশ্ব্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য তুলি ধৰি কয়, এই ধৰণৰ বেছিভাৱ গোচৰেই মিছা হয় ফলত নিজকে শেষ কৰাৰ বাবে পুৰুষৰ হাতত অন্য পন্থা নাথাকেগৈ৷ এই কথা শুনি পত্নী নিকিতাই কয়, ‘তেতিয়াহ’লে তুমি নিজকে কিয় শেষ কৰি দিয়া নাই? অতুলে দাবী কৰিছিল যে এই কথা শুনি হাঁহি দিছিল বিচাৰকে৷ তেওঁৰ পত্নীক কৰ্টৰ বাহিৰলৈ পঠিয়াই বিচাৰকে অতুলৰ পৰা ৫লাখ ধন দাবী কৰিছিল আৰু কৈছিল যে এই গোচৰ নিষ্পতি কৰি দিয়া হ’ব৷ ইয়াৰ পাছতেই বিচাৰ ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলাই অতুলে৷ এই বিষয়টো জনাৰ পাছতেই সেয়ে প্রশ্ন উঠিবলৈ আৰম্ভ হৈছে, এনেকৈ আৰু কিমান পুৰুষৰ প্ৰাণ যাব? অভিযুক্ত বিচাৰকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? হাজাৰটা প্ৰশ্ন নেটিজেনৰ৷
তথ্যই কৈছে, বছৰৰ পাছত বছৰ ধৰি এই দেশত যিমানসমূহ বোৱাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে তাৰ প্ৰায় আধা সংখ্যকৰেই অভিযোগৰ প্ৰমাণ হোৱা নাই৷ বেছিভাগেই ভুৱা বুলিয়েই ক’ব পাৰিব৷ স্বামী আৰু শহুৰৰ ঘৰৰ লোকক এয়া অপদস্ত কৰাৰ কৌশল বুলিও একাংশই দাবী কৰিছে৷ ১৯৮৩ চনত এই আইনৰ জন্ম হৈছিল য’ত দৰাপক্ষই যাতে এগৰাকী বোৱাৰীৰ ওপৰত নিৰ্যাতন চলাব নোৱাৰে৷ আইনী পৰিভাষাত ৪৯৮ এত অ-জামিনযোগ্য৷ অৰ্থাৎ আদালতত হাজিৰ নহ’লে পুৰুষজনে জামিনৰ আবেদন কৰিব নোৱাৰিব৷ কগনিজেবল অৰ্থাৎ অভিযুক্তক জে’ল দিবলৈ হ’লে আদালতৰ নিৰ্দেশ বা ৱাৰেণ্টো নালাগে আৰক্ষীক৷ ইয়াৰ সুযোগ বহুতেই গ্ৰহণ কৰিছে৷ শেষপৰ্যন্ত ছুপ্ৰিম কৰ্টে ৰায় দিছিল যে অভিযোগ পোৱামাত্ৰকেই আৰক্ষীয়ে তৎক্ষণাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ দেশৰ বহু হাইকৰ্টেও বাৰে বাৰে সমালোচিত হৈ আহিছে ৪৯৮এ ৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰৰ বাবে৷ মঙলবাৰেও এক শুনানিত দেশৰ শীৰ্ষ আদালতে জনাইছে যে ৪৯৮এৰ অপব্যৱহাৰ হৈছে দেশত৷
অতুলৰ ঘটনাৰ পাছতেই দিল্লীৰ পুৰুষ অধিকাৰকৰ্মী বৰ্ষা ত্ৰেহানে কয়, ‘অতুল সুভাষেই প্ৰথম নহয়, দেশৰ লক্ষাধিক পুৰুষ ইয়াৰ চিকাৰ৷ ব্যৰ্থ হৈছে বিচাৰব্যৱস্থা৷ দেশৰ আইনত পক্ষপাতিত্ব বহুতো আছে৷ বেছিভাগতেই মহিলাৰ কথাই শুনা হয়৷ পুৰুষসকলৰ নিপীড়িত হয়৷ কোনোৱে তেওঁলোকৰ বিননি নুশুনে৷ বেছিভাগ ক্ষেত্ৰতেই ইচ্ছাকৃতভাৱে পুৰুষৰ বিৰুদ্ধে ৪৯৮এ ধাৰাত গোচৰ ৰুজু কৰা হয়৷ ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণেও কৈছে৷ ইয়াৰ মাজৰ ৯৫শতাংশ গোচৰেই ভুৱা৷’
উল্লেখ্য যে ভাৰতীয় ন্যায় সংহিতাৰ ৮৫ আৰু ৮৬ নম্বৰ ধাৰা ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এৰ সমৰূপ৷ এইবছৰ মে মাহত এক গোচৰৰ শুনানিত দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰক এই আইনৰ প্ৰয়োজনীয় পৰিবৰ্তন অনাৰ বাবে আবেদন জনাইছিল৷ ৪৯৮এ মহিলাৰ স্বাৰ্থত তৈয়াৰ হ’লেও দেশৰ পুৰুষৰ স্বাৰ্থত সেই অৰ্থত কোনো আইন নাই৷ এই ধৰণৰ আইনে এটা ধাৰণাৰ জন্ম দিয়ে যে পুৰুষসকল সদায়ে দোষী অন্যহাতে মহিলাসকল সৰ্বদা নিৰ্দোষী৷ গৱেষণাত দেখা গৈছে যে কেৱলমাত্ৰ মহিলাই নহয় পুৰুষো গাৰ্হস্থ্য হিংসাৰ চিকাৰ৷ ভাৰতীয় সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদত দেশৰ সকলো নাগৰিকক সমান আচৰণৰ মৌলিক অধিকাৰৰ নিশ্চয়তা দিয়ে৷ অনুচ্ছেদ ১৫ অনুযায়ী জাতি-লিংগ-বৰ্ণ বা জন্মস্থানৰ ওপৰত ভিত্তি কৰি কোনোধৰণৰ বৈষম্য নিষিদ্ধ৷ ইয়াৰফলত বৰ্তমান আইনত প্ৰয়োজনীয় পৰিবৰ্তন অনা প্ৰয়োজন বুলি বহুতেই দাবী কৰিছে৷ এই পৰিবৰ্তনত লিংগভেদে সমান বিচাৰো আশা কৰিছে বহুসংখ্যকেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ