• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

11 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

11 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

12 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

13 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

13 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

14 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

14 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

15 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

17 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

17 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

17 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কিয় কোনো আইন নাই বুলি দাবী কৰিছে বহু নেটিজেনে?

editor by editor
December 12, 2024
in জীৱনশৈলী
0
অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰত এখন প্লেকাৰ্ড৷ লিখা আছে, ‘বিচাৰ এতিয়াও বাকী৷’ তাৰপাছতেই এটা জীৱন শেষ৷ ইঞ্জিনিয়াৰ অতুল সুভাষে নিজকে শেষ কৰি দিলে গাৰ্হস্থ্য হিংসাৰ বাবে৷ ২৪ পৃষ্ঠাৰ ছুইচাইড নোটত দায়ী কৰি গৈছে তেওঁৰ পত্নী নিকিতা সিংহানিয়া আৰু পত্নীৰ পৰিয়াল আৰু পৰিয়াল কৰ্টৰ বিচাৰকক৷ অতুল সুভাছৰ ঘটনা ভাইৰেল হওঁতেই উঠিছে কেইবাটাও প্ৰশ্ন৷ দেশত পুৰুষৰ বাবে একো আইন নাই নেকি? কিমান দিন মিছা গোচৰত পুৰুষসকল বলি হৈ থাকিব?

মৰ্মান্তিক ঘটনাটো ঘটাৰ পূৰ্বে অতুলে এটা ৯০ মিনিটৰ ভিডিঅ’ও বনাইছে৷ তাতেই তেওঁ জনাইছে পত্নীয়ে তেওঁৰ বিৰুদ্ধে ৯টা কেছ কৰিছে৷ ৬টা কেছ নিম্ন আদালতত আৰু ৩ টা কেছ উচ্চ আদালতৰ বিচাৰাধীন৷ ২০২২ চনত প্ৰথমে তেওঁৰ পত্নীয়ে অতুল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ দিছে৷ অতুলৰ বিৰুদ্ধে পণপ্ৰথা বা যৌতুক বিচৰা, জোৰ কৰি যৌন সম্পৰ্ক স্থাপনসহ একাধিক ধাৰা অনা হৈছিল৷ আনকি পত্নীৰ পিতৃৰ মৃত্যুৰ বাবেও অতুলক দায়ী কৰা হৈছিল৷ ইয়াৰবাবে ক্ষতিপুৰণো বিচাৰিছিল পত্নীয়ে৷ পাছত অৱশ্যে সেয়া মিছা প্ৰমাণিত হয়৷ তাৰপাছতেই পত্নীয়ে প্ৰতি মাহে দুইলাখ টকাকৈ সন্তান আৰু নিজৰ বাবে দাবী কৰে৷  এই বিষয় সন্দৰ্ভত সুভাষৰ ভাতৃয়ে জনাইছে যে গোচৰ শেষ কৰিবলৈ সুভাষৰ পত্নীয়ে ৩কোটি টকা ক্ষতিপূৰণ বিচাৰিছিল সুভাষৰ পৰা৷ এইকামত তেওঁৰ পত্নীৰ সংগ দিছিল পত্নী পৰিয়ালে৷

সুভাষ যুঁজি গৈছিল৷ উত্তৰপ্ৰদেশৰ বাসিন্দা অতুল কৰ্মসূত্ৰে বাংগালুৰুত থাকিছিল৷ অতুলৰ বিৰুদ্ধে গোচৰসমূহ তৰা হৈছিল উত্তৰপ্ৰদেশত৷ প্ৰায় ৪০বাৰ তেওঁক উত্তৰপ্ৰদেশৰ বিশেষ কৰ্টত হাজিৰ হ’বলৈকো বাধ্য কৰোৱা হৈছিল৷ অতুলে তেওঁৰ ছুইচাইড নোটত লিখিছে, সাম্প্ৰতিকতম শুনানিত বিচাৰক ৰীতা কৌশিকে জনাই যে এই গোচৰৰ কিয় নিষ্পতি হোৱা নাই৷ উত্তৰত অতুলে জনাই যে তেওঁৰ স্ত্ৰীয়ে প্ৰথমে এক কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল আৰু এতিয়া তিনিকোটি টকা দাবী কৰিছে৷ বিচাৰকে তেতিয়া কয় যে, আপোনাৰ ওচৰত ইমান টকা আছে বাবেই পত্নীয়ে বিচাৰিছে৷ ইয়াৰপাছতেই অতুলে নেশ্ব্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য তুলি ধৰি কয়, এই ধৰণৰ বেছিভাৱ গোচৰেই মিছা হয় ফলত নিজকে শেষ কৰাৰ বাবে পুৰুষৰ হাতত অন্য পন্থা নাথাকেগৈ৷  এই কথা শুনি পত্নী নিকিতাই কয়, ‘তেতিয়াহ’লে তুমি নিজকে কিয় শেষ কৰি দিয়া নাই? অতুলে দাবী কৰিছিল যে এই কথা শুনি হাঁহি দিছিল বিচাৰকে৷ তেওঁৰ পত্নীক কৰ্টৰ বাহিৰলৈ পঠিয়াই বিচাৰকে অতুলৰ পৰা ৫লাখ ধন দাবী কৰিছিল আৰু কৈছিল যে এই গোচৰ নিষ্পতি কৰি দিয়া হ’ব৷ ইয়াৰ পাছতেই বিচাৰ ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলাই অতুলে৷ এই বিষয়টো জনাৰ পাছতেই সেয়ে প্রশ্ন উঠিবলৈ আৰম্ভ হৈছে, এনেকৈ আৰু কিমান পুৰুষৰ প্ৰাণ যাব? অভিযুক্ত বিচাৰকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? হাজাৰটা প্ৰশ্ন নেটিজেনৰ৷

তথ্যই কৈছে, বছৰৰ পাছত বছৰ ধৰি এই দেশত যিমানসমূহ বোৱাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে তাৰ প্ৰায় আধা সংখ্যকৰেই অভিযোগৰ প্ৰমাণ হোৱা নাই৷ বেছিভাগেই ভুৱা বুলিয়েই ক’ব পাৰিব৷ স্বামী আৰু শহুৰৰ ঘৰৰ লোকক এয়া অপদস্ত কৰাৰ কৌশল বুলিও একাংশই দাবী কৰিছে৷ ১৯৮৩ চনত এই আইনৰ জন্ম হৈছিল য’ত দৰাপক্ষই যাতে এগৰাকী বোৱাৰীৰ ওপৰত নিৰ্যাতন চলাব নোৱাৰে৷ আইনী পৰিভাষাত ৪৯৮ এত অ-জামিনযোগ্য৷  অৰ্থাৎ আদালতত হাজিৰ নহ’লে পুৰুষজনে জামিনৰ আবেদন কৰিব নোৱাৰিব৷ কগনিজেবল অৰ্থাৎ অভিযুক্তক জে’ল দিবলৈ হ’লে আদালতৰ নিৰ্দেশ বা ৱাৰেণ্টো নালাগে আৰক্ষীক৷ ইয়াৰ সুযোগ বহুতেই গ্ৰহণ কৰিছে৷ শেষপৰ্যন্ত ছুপ্ৰিম কৰ্টে ৰায় দিছিল যে অভিযোগ পোৱামাত্ৰকেই আৰক্ষীয়ে তৎক্ষণাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ দেশৰ বহু হাইকৰ্টেও বাৰে বাৰে সমালোচিত হৈ আহিছে ৪৯৮এ ৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰৰ বাবে৷ মঙলবাৰেও এক শুনানিত দেশৰ শীৰ্ষ আদালতে জনাইছে যে ৪৯৮এৰ অপব্যৱহাৰ হৈছে দেশত৷

অতুলৰ ঘটনাৰ পাছতেই দিল্লীৰ পুৰুষ অধিকাৰকৰ্মী বৰ্ষা ত্ৰেহানে কয়, ‘অতুল সুভাষেই প্ৰথম নহয়, দেশৰ লক্ষাধিক পুৰুষ ইয়াৰ চিকাৰ৷ ব্যৰ্থ হৈছে বিচাৰব্যৱস্থা৷ দেশৰ আইনত পক্ষপাতিত্ব বহুতো আছে৷ বেছিভাগতেই মহিলাৰ কথাই শুনা হয়৷ পুৰুষসকলৰ নিপীড়িত হয়৷ কোনোৱে তেওঁলোকৰ বিননি নুশুনে৷ বেছিভাগ ক্ষেত্ৰতেই ইচ্ছাকৃতভাৱে পুৰুষৰ বিৰুদ্ধে ৪৯৮এ ধাৰাত গোচৰ ৰুজু কৰা হয়৷ ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণেও কৈছে৷ ইয়াৰ মাজৰ ৯৫শতাংশ গোচৰেই ভুৱা৷’

উল্লেখ্য যে ভাৰতীয় ন্যায় সংহিতাৰ ৮৫ আৰু ৮৬ নম্বৰ ধাৰা ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এৰ সমৰূপ৷ এইবছৰ মে মাহত এক গোচৰৰ শুনানিত দেশৰ শীৰ্ষ আদালতে কেন্দ্ৰক এই আইনৰ প্ৰয়োজনীয় পৰিবৰ্তন অনাৰ বাবে আবেদন জনাইছিল৷ ৪৯৮এ মহিলাৰ স্বাৰ্থত তৈয়াৰ হ’লেও দেশৰ পুৰুষৰ স্বাৰ্থত সেই অৰ্থত কোনো আইন নাই৷ এই ধৰণৰ আইনে এটা ধাৰণাৰ জন্ম দিয়ে যে পুৰুষসকল সদায়ে দোষী অন্যহাতে মহিলাসকল সৰ্বদা নিৰ্দোষী৷ গৱেষণাত দেখা গৈছে যে কেৱলমাত্ৰ মহিলাই নহয় পুৰুষো গাৰ্হস্থ্য হিংসাৰ চিকাৰ৷ ভাৰতীয় সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদত দেশৰ সকলো নাগৰিকক সমান আচৰণৰ মৌলিক অধিকাৰৰ নিশ্চয়তা দিয়ে৷ অনুচ্ছেদ ১৫ অনুযায়ী জাতি-লিংগ-বৰ্ণ বা জন্মস্থানৰ ওপৰত ভিত্তি কৰি কোনোধৰণৰ বৈষম্য নিষিদ্ধ৷ ইয়াৰফলত বৰ্তমান আইনত প্ৰয়োজনীয় পৰিবৰ্তন অনা প্ৰয়োজন বুলি বহুতেই দাবী কৰিছে৷ এই পৰিবৰ্তনত লিংগভেদে সমান বিচাৰো আশা কৰিছে বহুসংখ্যকেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.