অসম লাইভ ২৪ঃ নাগৰিকক জৰিমনা ভৰোৱাটোৱেই যেন প্ৰশাসনৰ মূল কাম৷ নিজৰ ঘৰৰ বেলকনিটো আপুনি কি কামত ব্যৱহাৰ কৰিব সেই কথাও এতিয়াৰে পৰা ধাৰ্য্য কৰিব প্ৰশাসনে৷ বেলকনিত কাপোৰ মেলিলেও আপুনি ভৰিব লাগিব জৰিমনা৷ এখন নতুন তথা অদ্ভুট আইন৷ এই আইন প্ৰৱৰ্তন কৰিছে ডুবাই পৌৰনিগমে৷ নিজৰ চহৰখন পৰিস্কাৰ- পৰিচন্ন কৰি ৰখাৰ উদ্দেশ্য এই বিশেষ আইন প্ৰণয়ন কৰিছে ডুবাই পৌৰনিগমে৷ ভাৰতত সম্ভৱ নহ’লেও এই আইন কঠোৰভাৱে বলবৎ হ’ব ডুবাইত৷ শেহতীয়াভাৱে ডুবাই মিউনিচিপালিটীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ এই আইন অমান্যকাৰীয়ে ১০ হাজাৰৰ পৰা ৩০ হাজাৰ পৰ্যন্ত ভৰিব লাগিব জৰিমনা৷ চহৰখন পৰিস্কাৰ-পৰিচন্ন কৰিব ৰখাব উদ্দেশ্যই এই সিদ্ধান্ত ডুবাই মিউনিচিপালিটীৰ৷ টুইটযোগে নাগৰিক আইন কাৰ্যকৰী কৰিবৰ বাবে বিশেষভাৱে আহ্বান জনাইছে পৌৰনিগমে৷
ডুবাই পৌৰ নিগমৰ কেতবোৰ নিৰ্দেশনা, য’ত ভৰিবলগীয়া হ’ব পাৰে জৰিমনা—
- বেলকনি বা খিৰিকীত কাপোৰ মেলিব নোৱাৰিব৷
- বেলকনিৰ পৰা চিগাৰেটৰ টুকুৰা তলত পৰিলেও নাগৰিকে ভৰিব লাগিব জৰিমনা৷
- বেলকনিৰ পৰা আৱৰ্জনা দলিয়াব নোৱাৰিব ব্যক্তিয়ে৷
- বেলকনি পৰিস্কাৰ কৰা সময়ত তললৈ পৰিব নোৱাৰিব পানী৷
- পানীৰ টুপাল পৰিলেও ভৰিব লাগিব জৰিমনা৷
- পক্ষীক খাদ্য দিব নোৱাৰিব বেলকনিৰ পৰা৷
- কোনো ধৰণৰ এন্টেনা বা dish লগোৱাতো বাধা আৰোপ কৰিছে প্ৰশাসনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ