অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভাৰততো তীব্ৰ হাৰত বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ দেশৰ পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হ’বলৈ আৰম্ভ কৰিছে কোভিড নতুন ভেৰিয়েণ্ট সংক্ৰমণৰ ফলত৷ ইতিমধ্যে ভাৰতত ১২০০ লোক আক্ৰান্ত হৈছে অমিক্ৰণত৷ মহাৰাষ্ট্ৰত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে অমিক্ৰণত৷ অমিক্ৰণৰ সমান্তৰালকৈ কৰোনাত দৈনিক আক্ৰান্ত হৈছে শ শ লোক৷ দেশৰ শেহতীয়া কোভিড পৰিস্থিতিলৈ লক্ষ্য কৰিলে দেকা যায় যে ইতিমধ্যে ভাৰতত আৰম্ভ হৈছে কোভিডৰ তৃতীয় ঢৌ৷ এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য৷ তেওঁৰ মতে ভাৰতত বৰ্তমানলৈকে কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱা নাই যদিও অনাগত কিছু দিনত স্পষ্ট হ’ব পৰিস্থিতি৷ কিন্তু কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে ভাৰতে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে সৌম্যা স্বামীনাথনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ