অসম লাইভ ২৪ঃ আজিৰে পৰা সমগ্ৰ অসমত নৈশ সান্ধ্য আইন জাৰি। নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ৰাজ্যত ১ মে’লৈ বাহাল থাকিব এই নিৰ্দেশনা। কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে সান্ধ্য আইনৰ পৰা। জৰুৰী সেৱাৰ লগত জড়িত লোক, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধীনৰ বিষয়া কৰ্মচাৰীসকল, জিলা প্ৰশাসন, গৰ্ভৱতী মহিলা আৰু ৰোগী, কোভিড ভেকচিন লবলৈ যোৱা লোকসকলৰ ক্ষেত্ৰত নাথাকিব বাধা, চিকিৎসক আৰু নাৰ্ছকে ধৰি স্বাস্থ্যসেৱাৰ লগত জড়িত লোক, বৈধ টিকট থকা বাছ, ৰে’ল আৰু বিমানযাত্ৰী, বৈধ পৰিচয় পত্ৰ থকা বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কৰ্মচাৰী, আন দেশৰ কূটনৈতিক সেৱাৰ বিষয়া-কৰ্মচাৰী, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক খাদ্য সামগ্ৰী কঢ়িওৱা যান-বাহন চলাচলৰ সুবিধা, খাদ্য সামগ্ৰী, ফল-মূল আৰু শাক-পাচলি, দুগ্ধজাত সামগ্ৰী, মাছ-মাংস, পশুখাদ্য, ঔষধ তথা চিকিৎসা সেৱাৰ সামগ্ৰী আদিৰ দোকানৰ মালিক কৰ্মচাৰী, বেংক, বীমা কাৰ্যালয় আৰু ATM, পেট্ৰল পাম্প, LPG, CNG, পেট্ৰ’লিয়াম আৰু ৰন্ধন গেছৰ বিক্ৰী কেন্দ্ৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ সৈতে জড়িত লোকক সান্ধ্য আইনৰ সময়ত ৰেহাই দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ