কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব
উত্তৰ প্ৰদেশৰ প্ৰশাসনৰ ফালৰ পৰা আহিছে এক বিশেষ তথা কঠোৰ নিৰ্দেশনা। পুৰুষ বৰ্জিত মহিলাৰ কিছুমান কামত। পুৰুষৰ এন্ট্ৰি নিষেধ কৰিছে মহিলাৰ কিছু কামত।
মহিলাৰ কাপোৰৰ জোখ ল’ব নোৱাৰিব পুৰুষ দৰ্জীয়ে। মহিলাৰ সুৰক্ষাৰ দিশটো চাই উত্তৰ প্ৰদেশৰ মহিলা আয়োগে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। বুটিক চেণ্টাৰত মহিলাৰ কাপোৰৰ জোখ-মাখ পুৰুষৰ পৰিৱৰ্তে মহিলাই ল’ব লাগিব।
ইয়াৰ বাহিৰেও কেৱল মহিলা প্ৰশিক্ষকেহে জিম আৰু যোগ কেন্দ্ৰত মহিলাক প্ৰশিক্ষণ দিব পাৰিব। ইয়াৰ বাবে জিমৰ ভেৰিফাই কৰাও প্ৰয়োজনীয় বুলি প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰিছে। ইয়াৰ সৈতে জড়িত সকলো আদেশ জাৰি কৰা হৈছে।
ৰাজ্যখনৰ মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে কয় যে মহিলাৰ সাজ-পোছাকৰ বাবে চিলাই দোকানত এগৰাকী মহিলা থাকিব লাগে। মহিলাৰ বাবে বিশেষ কাপোৰ বিক্ৰী কৰা দোকানটো মহিলা থাকিব লাগে। ইয়াৰ উপৰিও চিচিটিভিৰ জৰিয়তে কোচিং চেণ্টাৰসমূহ নিৰীক্ষণ কৰাৰ নিৰ্দেশো জাৰি কৰিছে।
মহিলা আয়োগৰ আদেশৰ নিৰ্দেশনা-
১) জিম যোগ কেন্দ্ৰলৈ অহা সকলৰ আইডি কাৰ্ডৰ ভেৰিফিকেচন হব লাগে।
২) স্কুল বাছত মহিলা নিৰাপত্তাৰক্ষী বা শিক্ষক নিয়োগ কৰিব লাগে।
৩) পুৰুষ দৰ্জীয়ে কাপোৰৰ বাবে মহিলাৰ জোখ লব নোৱাৰে।
৪) মহিলাৰ বাবে বিশেষ কাপোৰ বিক্ৰী কৰা দোকানত মহিলা কৰ্মচাৰী নিযুক্তি দিব লাগে।
৫) জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষণৰ প্ৰয়োজন।
৬) কোচিং চেণ্টাৰত চিচিটিভি আৰু ৱাশ্বৰুমৰ ব্যৱস্থা থাকিব লাগে।
৭) নাট্য কলা কেন্দ্ৰত মহিলা নৃত্য শিক্ষয়িত্ৰী নিযুক্তি বাধ্যতামূলক হব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ