দেশৰ উচ্চতম ন্যায়ালয়ে কোভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে চৰকাৰে কোনো লোককে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। অৱশ্যে, চৰকাৰে এই ক্ষেত্ৰত নীতি প্ৰস্তুত কৰিব পাৰে আৰু বৃহত্তৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কিছুমান চৰ্ত আৰোপ কৰিব পাৰে।
উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ টিকাকৰণ নীতিক অনুচিত বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰি কয় যে এই ন্যায়ালয় সন্তুষ্ট যে বৰ্তমানৰ ভেকছিন নীতিক স্পষ্টভাৱে স্বেচ্ছাচাৰী বুলি ক’ব নোৱাৰি।
উচ্চতম ন্যায়ালয়ে লগতে কয় আমি আবেদনকাৰীৰ সৈতে একমত নহয় যে বৰ্তমানৰ ভেকচিনৰ প্ৰাসংগিক তথ্য চৰকাৰে উপলব্ধ কৰা নাই। আৰু এতিয়া স্বাস্থ্য পৰীক্ষণৰ সকলো প্ৰাসঙ্গিক তথ্য ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ কৰাটো উচিত। শিশুৰ বাবে অনুমোদিত ভেকচিনৰ তথ্যও ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ হ’ব লাগে।
লগতে পঢ়ক অকুতোভয়! প্ৰকাণ্ড দুই অজগৰ কান্ধত লৈ নাচি-বাগি ভাইৰেল হ’ল কোন যুৱক?
উল্লেখ্য যে টিকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ (এনটিএজিআই) প্ৰাক্তন সদস্য ড০ জেকব পুলিয়ালে ভেকচিনটো বাধ্যতামূলক কৰাৰ বিৰুদ্ধে চৰকাৰে তথ্য ৰাজহুৱা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। একে সময়তে দিল্লী, মধ্য প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰটো বাধ্যতামূলক কোভিড ভেকচিনৰ বিৰুদ্ধে ন্যায়ালয়ত একোখনকৈ আবেদন দাখিল কৰা হৈছে।
আবেদনত কোৱা হৈছিল যে কেন্দ্ৰই টিকাকৰণ স্বেচ্ছামূলক কৰিছিল যদিও ৰাজ্যসমূহে কিছুমান উদ্দেশ্যৰ বাবে ইয়াক বাধ্যতামূলক কৰিছিল। ভেকচিনৰ আদেশ অসাংবিধানিক ঘোষণা কৰিবলৈ নিৰ্দেশনা জাৰী কৰিবলৈও আবেদনত উল্লেখ কৰা হৈছে৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য প্ৰদান কৰিছে৷
উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ আবেদনক প্ৰত্যাহ্বান জনাই আবেদনকাৰী জেকব পুলিয়ালে কয় যদিও কেন্দ্ৰীয় চৰকাৰে কৈছে যে টিকাকৰণ স্বেচ্ছামূলক আৰু বাধ্যতামূলক নহয়, তথাপিও দিল্লী, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ইয়াক বাধ্যতামূলক কৰা হৈছে।
লগতে পঢ়ক স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’
জেকবৰ আবেদনৰ যুক্তি দৰ্শাই তেওঁৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিবৃতি আৰু আৰটিআইৰ উত্তৰত কৈছিল যে টিকাকৰণ বাধ্যতামূলক নহয়৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যত দোকান খোলা, দোকান বা প্ৰতিষ্ঠানত প্ৰৱেশ কৰা, কৰ্মচাৰী আৰু তাত কাম কৰা লোকৰ প্ৰৱেশ, ৰাস্তাত খোজ কঢ়া, শিক্ষানুষ্ঠানত ভৰ্তি হোৱাৰ দৰে অনুষ্ঠানত, টিকাকৰণৰ প্ৰমাণপত্ৰ কিয় বিচৰা হয় বুলিও প্ৰশ্ন কৰে আইনজীৱী ভূষণে৷
আবেদনখনত উল্লেখ কৰা হৈছে যে যোৱা বছৰ ৮ অক্টোবৰত মধ্য প্ৰদেশত, ৮ নৱেম্বৰত মহাৰাষ্ট্ৰত, ২৭ নৱেম্বৰ তামিলনাডুত আৰু ১৮ নৱেম্বৰত দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰে জাৰি কৰা বিজ্ঞপ্তি আৰু ইয়াত স্পষ্টভাৱে নিৰ্ধাৰিত নিৰ্দেশনাসমূহৰ কথাও উল্লেখ কৰিছে, যিয়ে টিকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে।
ইফালে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনোৱা অনুসৰি ২০২১ চনৰ ২৪ নৱেম্বৰলৈকে ১৯ কোটি ৩৮ লাখ ৪৪ হাজাৰ ৭৪১ টা কৰোনা ভেকচিনৰ পালি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ