যদি কিশোৰীয়ে সন্মতি মৰ্মে কাৰোবাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছে তেনে কিশোৰীগৰাকী প্ৰাপ্তবয়স্ক হয় নে নহয় সেয়া জানিবলৈ তেওঁৰ আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। দিল্লী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই মন্তব্য কৰিছে।
এগৰাকী যুৱতীয়ে তেওঁৰ সৈতে এজন যুৱকে যৌন সম্পৰ্ক কৰাৰ সময়ত তেওঁ নাবালিকা আছিল বুলি দাবী কৰি এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। সেই গোচৰত অভিযুক্ত যুৱকজনক জামিন প্ৰদান কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।
গোচৰ সন্দৰ্ভত ন্যায়াধীশ যশমীত সিঙে কয় যে বিভিন্ন নথি-পত্ৰত অভিযোগকাৰীৰ তিনিটা ভিন্ন জন্ম তাৰিখ পোৱা গৈছে। আধাৰ কাৰ্ডত তেওঁৰ জন্ম তাৰিখ ১৯৯৮ চনৰ ১ জানুৱাৰী। সেই হিচাপে ঘটনাৰ সময়ত তেওঁ নাবালিকা নাছিল।
লগতে পঢ়ক প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?
ইয়াৰ বাহিৰেও যেতিয়া দুজন লোকে সন্মতিৰ ভিত্তিত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আছে তেতিয়া আধাৰ বা পেন কাৰ্ড চাই সংগীৰ বয়স পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলিও ন্যায়াধীশ সিঙে কয়।
ন্যায়াধীশগৰাকীয়ে লগতে অতি তাৎপৰ্যপূৰণভাৱে কয় যে গোচৰটো ওপৰত দেখাৰ দৰে সাধাৰণ নহয়। একেধৰণৰ অন্য এক গোচৰৰ উদাহৰণ দি ন্যায়াধীশগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত এনে অভিযোগ তুলি ধন দাবী কৰাৰ দৰে ঘটনাও ঘটিছে।
সেয়ে এই গোচৰটোতো কোনো ধৰণৰ হানি ট্ৰেপিঙৰ হাত আছে নেকি সেই বিষয়েও তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ