• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

editor by editor
September 7, 2022
in অপৰাধ, বিশ্ব
0
সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘বিটিকে কিলাৰ’৷ এসময়ত এই নামটো শুনি আমেৰিকাৰ পিটচবাৰ্গৰ গাতে লাগি থকা উইচিটাৰ জনসাধাৰণে ভয়ত কঁপি উঠিছিল। এই ‘বিটিকে কিলাৰ’ৰ প্ৰকৃত নাম ডেনিছ ৰেডাৰ। ডেনিছে যোৱা তিনিটা দশকত মুঠ ১০ জন লোকক নিৰ্মমভাৱে হত্যা কৰিছিল।

বিটিকেৰ সম্পূৰ্ণ অৰ্থ আছিল, ‘বান্ধি, অত্যাচাৰ আৰু হত্যা’। ডেনিছে নিজকে বিটি কিলাৰ বুলি কৈছিল, কাৰণ তেওঁ হত্যা কৰা লোকসকলক বান্ধি বান্ধি নিৰ্যাতন চলাইছিল আৰু ইয়াৰ পাছত নিৰ্মমভাৱে হত্যা কৰা হৈছিল।

কিন্তু বিটিকেৰ এই অপৰাধৰ আঁৰৰ কাৰণ কি? ইতিহাসৰ অন্যতম ভয়াৱহ ছিৰিয়েল কিলাৰ হিচাপে তেওঁক কিয় অভিহিত কৰা হৈছে?

ডেনিছৰ জন্ম হৈছিল ১৯৪৫ চনৰ ৯ মাৰ্চত আমেৰিকাৰ কেনছাছৰ উইচিটাত। ১৯৬০ চনত তেওঁ আমেৰিকাৰ বায়ুসেনাত যোগদান কৰিছিল। ১৯৭০ চনলৈকে তেওঁ বায়ুসেনা এৰি উইচিটালৈ উভতি আহিছিল।

উইচিটালৈ উভতি আহি তেওঁ বিয়া কৰায়। তেওঁৰ দুটা সন্তানো আছে। তাৰ পিছত ডেনিছে কেম্পিং সঁজুলি নিৰ্মাতা কোম্পানী কলমেন কোম্পানীত কেইদিনমান কাম কৰিছিল। এই সময়ছোৱাত তেওঁ কেইবাবাৰো চাকৰি সলনি কৰিছিল।

লগতে পঢ়ক চলমান, অক্ষয়ক পিছ পেলালে দক্ষিণৰ আল্লু অৰ্জুনে! ‘পুষ্পা ২’ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে অৰ্জুনে?

১৯৭৯ চনত ডেনিছে উইচিটা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিষয় আছিল ফৌজদাৰী ন্যায় ব্যৱস্থা। ইয়াৰ পিছত তেওঁ এটা ছিকিউৰিটি গাৰ্ড কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে।

ডেনিছক সেই অঞ্চলত এজন ধৰ্মপৰায়ণ ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ আছিল এজন নিয়মীয়াকৈ গীৰ্জালৈ যোৱা লোক। কিন্তু ইয়াৰ মাজতে ডেনিছে প্ৰথম হত্যাকাণ্ড সংঘটিত কৰে। ১৯৭৪ চনৰ ১৫ জানুৱাৰীত ডেনিছে প্ৰথম হত্যাকাণ্ড সংঘটিত কৰে। ডেনিছে উইচিটাত দুটা সন্তানসহ এটা পৰিয়ালৰ চাৰিজন সদস্যক ডিঙি চেপি হত্যা কৰে।

এই হত্যাকাণ্ডৰ তদন্তত ঘটনাস্থলীত বীৰ্যৰো উদ্ধাৰ কৰা হৈছিল৷  অৱশ্যে মৰণোত্তৰ পৰীক্ষাত মৃতকৰ কোনো এজনকে যৌন নিৰ্যাতন চলোৱা হোৱা নাই বুলিও জানিব পৰা গৈছে। পৰিয়ালৰ সকলোকে হত্যা কৰাৰ পিছত ডেনিছে এটা ঘড়ী আৰু কিছুমান আণ্ডাৰৱেৰ চুৰি কৰে। পিছত প্ৰকাশ পাইছিল যে তেওঁ এইবোৰ বস্তু স্মাৰকৰূপেহে হিচাপেহে চুৰি কৰিছিল।

১৯৭৪ চনৰ এপ্ৰিল মাহত ডেনিছে ২১ বছৰীয়া আন এগৰাকী যুৱতীক হত্যা কৰে। যুৱতী গৰাকীয়েও এটা সময়ত ডেনিছৰ সৈতে একেটা কোম্পানীতে কাম কৰিছিল।

যুৱতীগৰাকীৰ ভাতৃয়ে ভগ্নীক ডেনিছৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বৃথা চেষ্টাও কৰিছিল। ডেনিছে যুৱকজনলৈ গুলীচালনা কৰাত ভাতৃয়ে সেই স্থানৰ পৰা পলায়ন কৰে। ইয়াৰ পাছত ডেনিছে ছুৰীৰে যুৱতীগৰাকীক উপৰ্যুপৰি আঘাত কৰি হত্যা কৰে। কিন্তু এই হত্যাকাণ্ডৰ পাছতো আৰক্ষীয়ে হত্যাকাৰী ডেনিছৰ সম্ভেদ লাভ কৰিব পৰা নাছিল।

লগতে পঢ়ক জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

প্ৰথম দুটা হত্যাকাণ্ড সংঘটিত হোৱা স্থানত আৰক্ষীয়ে মৃতদেহৰ কাষত হাতেৰে অংকন কৰা এখন ছবি উদ্ধাৰ কৰে। প্ৰথম অৱস্থাত এই স্কেচটো দেখি এনে লাগিছিল যেন এগৰাকী মহিলাৰহে ছবি, কিন্তু আৰক্ষীয়ে ছবিখন ঘূৰাই চাই দেখিলে যে তাত ‘বিটিকে’ লিখা আছে।

ইমানবোৰ হত্যাকাণ্ডৰ আঁৰৰ একমাত্ৰ কাৰণ আছিল যে ডেনিছে ছিৰিয়েল কিলাৰ হিচাপে স্বীকৃতি লাভ কৰা। কিন্তু সংবাদ মাধ্যমে তেওঁৰ এই হত্যাকাণ্ডসমূহক এই লৈ বিশেষ গুৰুত্ব প্ৰদান নকৰাত পিছলৈ তেওঁ নিজেই এটা টোকা লিখি পিছৰ বছৰৰ জানুৱাৰী মাহত হত্যাকাণ্ডৰ বিশদ বিৱৰণ দিছিল।

এই চিঠিখন তেওঁ উইচেটাৰৰ লাইব্ৰেৰীত এখন কিতাপত থৈ গৈছিল। চিঠিখন উদ্ধাৰ হোৱাৰ লগে লগে উইচিটাত চাঞ্চল্যৰ সৃষ্টি হয়। চিঠিখনত লিখা আছিল, ‘‘মোৰ পদ্ধতি হ’ল সিহঁতক বান্ধি অত্যাচাৰ কৰা আৰু তাৰ পিছত হত্যা কৰা। সেইবাবেই মই নিজৰ নাম ৰাখিলো ‘বিটিকে কিলাৰ’।’’

১৯৭৭ চনৰ মাৰ্চ মাহত ডেনিছে তিনিটা শিশুক বাথৰুমত আবদ্ধ কৰি ডিঙি চেপি হত্যা কৰে। সেই বছৰৰ ডিচেম্বৰ মাহত তেওঁ আন এগৰাকী মহিলাকো হত্যা কৰিছিল। তেওঁৰ হত্যাকাণ্ডবোৰৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ নোপোৱাত তেতিয়া তেওঁ হতাশ হৈ পৰিছিল।

লগতে পঢ়ক কাজিয়া! প্ৰচণ্ড মাৰপিট! আৰক্ষীয়ে আৰক্ষীক ঘুচিয়াই নাক ভঙাৰ চেষ্টা

এইবাৰ তেওঁ স্থানীয় এটা টিভি চেনেললৈ এখন পত্ৰ প্ৰেৰণ কৰি লিখে, ‘‘সংবাদ পত্ৰত নাম পাবলৈ মই আৰু কিমান হত্যাকাণ্ড কৰিব লাগিব?’’ এই খবৰটো টিভিত প্ৰচাৰ হোৱাৰ পিছত সমগ্ৰ অঞ্চলজুৰি আতংক বিয়পি পৰে।

ডেনিছে পৰৱৰ্তী আঠ বছৰলৈকে আৰু এটাও হত্যাকাণ্ড সংঘটিত কৰা নাছিল। ইয়াৰ পিছত ১৯৮৫ চনত ডেনিছে এগৰাকী মহিলাক হত্যা কৰে। ডেনিছে মহিলাগৰাকীক স্থানীয় গীৰ্জালৈ লৈ গৈ হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। গীৰ্জাত মহিলাগৰাকীক হত্যাৰ পূৰ্বে ৰছীৰে বান্ধি নিৰ্যাতন চলোৱাৰ কেইবাখনো ফটোও তোলা হৈছিল।

১৯৮৬ চনত ডেনিছে আন এগৰাকী ২৮ বছৰীয়া মহিলাক হত্যা কৰে। মহিলাগৰাকীক দুটা সন্তানৰ সন্মুখতে হত্যা কৰা হয়। ১৯৯১ চনত ডেনিছে আন এগৰাকী ৬২ বছৰীয়া মহিলাক ডিঙি চেপি হত্যা কৰে। কিন্তু ইয়াৰ পাছতো তেওঁৰ হত্যাকাণ্ডৰ অন্ত পৰা নাছিল।

২০০৪ চনত প্ৰথম হত্যাকাণ্ডৰ ত্ৰিশ বছৰৰ পাছত স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে উইচিটাৰ হত্যাকাৰীজন সম্ভৱতঃ মৃত্যুমুখত পৰিছে নতুবা তেওঁ কোনো এখন কাৰাগাৰত আছে।

এই প্ৰতিবেদনে ডেনিছক জোকাৰি গৈছিল। তেওঁ নিজেই সেই সংবাদ মাধ্যমৰ এজন সাংবাদিকলৈ জীৱনৰ নৱম হত্যাকাণ্ডৰ সৈতে জড়িত বহু নথি-পত্ৰ প্ৰেৰণ কৰিছিল। এই নথিসমূহৰ ভিতৰত আছিল মৃত মহিলাগৰাকীৰ ফ’টো আৰু ড্ৰাইভিং লাইচেন্স।

লগতে পঢ়ক জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

পিছৰ এটা বছৰত ডেনিছে হত্যাকাণ্ডৰ অধিক তথ্য প্ৰমাণ কাকতখনলৈ প্ৰেৰণ কৰে। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ মৃতকৰ কেইবাটাও বস্তু স্মৃতিসৌধ হিচাপে ৰাখিছিল। আৰু সেইবোৰ ডেনিছে বাকচত ভৰাই আৰক্ষী আৰু প্ৰেছলৈ প্ৰেৰণ কৰে।

২০০৫ চনৰ জানুৱাৰী মাহত ডেনিছে হত্যাকাণ্ডৰ সকলো প্ৰমাণ ফ্লপি ডিস্কৰ জৰিয়তে আৰক্ষীলৈ প্ৰেৰণ কৰে। আৰু এই ফ্লপিটোৱেই ডেনিছৰ বাবে কাল হ’ল।

ফ্লপিটোৰ ভিত্তিত আৰক্ষীয়ে ফেব্ৰুৱাৰী মাহত ডেনিছক গ্ৰেপ্তাৰ কৰে। প্ৰথম হত্যাকাণ্ডৰ স্থানত উপলব্ধ বীৰ্য পৰীক্ষা কৰি প্ৰমাণিত হ’ল যে ডেনিছেই সেই হত্যাকাৰী। আদালতত ডেনিছে সকলো অপৰাধ স্বীকাৰ কৰিছিল।

ডেনিছে আদালতত কয় যে তেওঁৰ কম বয়সতে জীৱ-জন্তু হত্যা কৰাৰ প্ৰৱণতা গঢ় লৈ উঠিছিল। সৰুতে তেওঁৰ মূৰত হিংসাত্মক যৌন কল্পনা গঢ় লৈ উঠিবলৈ ধৰিলে। আৰু ইয়াৰ পৰাই তেওঁ এটাৰ পিছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল। বিচাৰত ডেনিছক আজীৱন কাৰাদণ্ড বিহা হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBTK Killer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত

মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত

শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.