এক চাঞ্চল্যকৰ তথা লোমহৰ্ষক কাণ্ড পোহৰলৈ আহিছে৷ মহাৰাষ্ট্ৰৰ এটা ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত শুই থকা এগৰাকী মহিলাক এজন লোকে দাঙি নি চলন্ত ৰে’লৰ আগত পেলাই দিয়ে৷ চলন্ত অৱধ এক্সপ্ৰেছৰ আগত পেলাই দিয়া মহিলাগৰাকীৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
এই সমগ্ৰ দৃশ্য ষ্টেচনটোৰ চিচিটিভিৰ কেমেৰাত আৱদ্ধ হৈছে৷ চিচিটিভি কেমেৰাত আৱদ্ধ হোৱা এই দৃশ্য দেখাৰ পিছতে নেটিজনসকল স্তম্ভিত হৈ পৰিছে৷
এই ঘটনা মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বছাই ৰোড ৰে’লৱে ষ্টেচনৰ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে উক্ত কাণ্ড সংঘটিত কৰা লোকজন মহিলাগৰাকীৰ স্বামী৷
লগতে পঢ়ক গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!
চিচিটিভিৰ ফুটেজৰ পৰা জানিব পৰা গৈছে যে ২২ আগষ্টৰ পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছিল এই ঘটনা। সেই সময়ত মহিলাগৰাকীয়ে প্লেটফৰ্মত নিৰ্মাণ কৰা মাৰ্বলৰ শিলৰ বেঞ্চ এখনত মহিলাগৰাকীয়ে দুটা ল’ৰা-ছোৱালীৰ সৈতে শুই আছিল।
স্বামীয়ে ৰে’ল অহালৈ অপেক্ষা কৰি আছিল। প্লেটফৰ্মত অলপ সময় ৰৈ থকাৰ পিছত তেওঁ এক্সপ্ৰেছ ট্ৰেইনৰ হৰ্ণৰ শব্দ শুনিবলৈ পায়। ইয়াৰ পিছত সি শুই থকা পত্নীক দাঙি নি চলন্ত ৰে’লখনৰ আগত নিক্ষেপ কৰি খৰখেদাকৈ দুয়োটা সন্তানক উক্ত স্থানৰ পৰা লোকজন পলায়ন কৰে৷
লগতে পঢ়ক আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি
মহিলাগৰাকীৰ মৃতদেহটো ৰে’লৱে ট্ৰেকত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত স্বামীৰ সন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে আই পি চিৰ ৩০২ (হত্যা) ধাৰাত গোচৰ ৰুজু কৰিছে।
ইফালে অভিযুক্ত স্বামীয়ে প্ৰথমে দাদৰলৈ যোৱাৰ তথ্য লাভ ৰে’ল আৰক্ষীয়ে৷ তাৰ পাছতে কল্যাণলৈ যোৱাৰ তথ্য লাভ কৰে ৰে’ল আৰক্ষীয়ে৷ আনহাতে সংবাদ সংস্থা পিটিআই প্ৰকাশ কৰা মতে যোৱা নিশা থানেৰ ভিৱান্দি এলেকাত অভিযুক্ত স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ