অসম লাইভ ২৪: পাকিস্তান চৰকাৰে কিছুদিন পূৰ্বে বন্ধ কৰিছিল ‘tiktok’ এপ। পিছে পাকিস্তানৰ টেলিকমিউনিকেশ্যন অথৰিটী(pta) য়ে ছ’চিয়েল মিডিয়াত কণ্টেণ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত নতুন নিয়ম উলিয়াইছে। এতিয়াৰে পৰা টেলিকমিউনিকেশ্যন অথৰিটীয়ে ব্যক্তিগত একাউণ্টৰ ওপৰত বেন লগাব। যাৰ বাবে পাকিস্তানত পৰ্ণষ্টাৰ মিয়া খালিফাৰ ‘tiktok’ একাউণ্ট বেন কৰিলে ptaয়ে। পিছে মিয়াৰ ‘tiktok’ একাউণ্ট কিয় বন্ধ কৰা হ’ল সেই সন্দৰ্ভত ptaয়ে কৰা নাই কোনো আনুষ্ঠানিক ঘোষণা। আজি পুৱা পাকিস্তানত মিয়াৰ ‘tiktok’ একাউণ্টটো নেদেখাত টুইটাৰত এই বিষয়টো উত্থাপন কৰিছিল মিয়াৰ ফেনসকলে। আনকি পাকিস্তানত টুইটাৰত ট্ৰেণ্ডিং হৈছে এই বিষয়টো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ