অসম লাইভ ২৪ঃ পঞ্জশিৰত পাকিস্তানৰ বায়ুসেনাৰ ড্ৰোণ আক্ৰমণ৷ তালিবানৰ সহযোগত আক্ৰমণ সংঘটিত কৰে আফগানিস্তানৰ একমাত্ৰ মুক্ত প্ৰদেশ পাঞ্জশিৰ প্ৰান্তত৷ পঞ্জশিৰ দখলৰ বাবে তালিবান আৰু ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীৰ সৈতে যুদ্ধ চলি আছে৷ আফগানিস্তানৰ স্ব-ঘোষিত ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ঘৰতো ড্ৰ’ন আক্ৰমণ পাকিস্তানৰ৷ ইয়াৰ বিপৰীতে পঞ্জশিৰ দখলৰ দাবী তালিবানৰ৷ সোমবাৰে আফগানিস্তানৰ পঞ্জশিৰ ঘাটি দখলৰ কথা প্ৰকাশ কৰে তালিবানৰ মুখপাত্ৰ জবিৰুল্লাহ মুজাহিদে৷ লগতে পঞ্জশিৰত তালিবানৰ পতাকা উৰুওৱাৰ কথাও নিশ্চিত কৰিছে মুখপাত্ৰগৰাকীয়ে৷ তালিবানৰ মতে তেওঁলোকে সম্পূৰ্ণ পঞ্জশিৰ প্ৰান্ত দখল কৰিছে৷ ইয়াৰ লগতে নেচনেল ৰেজিষ্টেন্স ফৰ্চ অৰ্থাৎ নৰ্ডান এলায়েন্সৰ চীফ কামাণ্ডাৰ চালেহ মহম্মদৰো মৃত্যুৰ কথা দাবী কৰিছে জবিৰুল্লাহ মুজাহিদে৷ এক বিবৃতিযোগে তালিবানৰ মুখপাত্ৰ জবিৰুল্লাহ মুজাহিদে কয়, ‘এই জয়ৰ পাছত আমাৰ দেশ যুদ্ধৰ দামামাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ল৷ আফগানিস্তানৰ শেষ প্ৰান্ত পাঞ্জশিৰ সম্প্ৰতি আমাৰ দখলত৷ গোটেই আফগানিস্তান তালিবানৰ দখলত’৷ কাবুলসহ আফগানিস্তানৰ ৩৩ টা প্ৰান্ত দখল কৰাৰ পাছত পাঞ্জশিৰ দখলৰ বাবে যুঁজ অব্যাহত ৰাখিছে তালিবানে৷ ইফালে পঞ্জশিৰত তালিবানে অভিযান প্ৰায় সম্পূৰ্ণ বুলি প্ৰকাশ কৰা লগতে কেইবাগৰাকী জ্যেষ্ঠ কামাণ্ডাৰক হত্যা কৰা বুলি দাবী উত্থাপন কৰিছে তালিবানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ