অসম লাইভ ২৪ঃ ক’ৰোনাই সৃষ্টি কৰা অচলাৱস্থাৰ অন্ত পৰাৰ দিশে। আশাৰ ৰেঙনিৰে লাহে লাহে ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। পাঁচমাহে বন্ধ হৈ থকা একাংশ শিক্ষানুষ্ঠানৰ দুৱাৰ সোমবাৰে পুনৰ খোল খালে। দীঘলীয়া সময়ৰ একপ্ৰকাৰ বিচ্ছেদৰ অন্তত পুনৰ শ্ৰেণী কোঠাত মিলিত হ’ল একাংশ শিক্ষক-শিক্ষাৰ্থী। অৱশ্যে, শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত ষাণ্মাসিক, কাৰিকৰী আৰু নাৰ্চিঙৰ পাঠদান আৰম্ভ হ’ল। ছেনিটাইজেশ্যন আৰু মাস্ক পৰিধান, দূৰত্ব ৰক্ষাত সকলো শিক্ষানুষ্ঠানেই বিশেষ গুৰুত্ব দিয়ে। ইপিনে ২১ মে’ৰ পৰা বন্ধ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ মুকলি হ’ল। গুৱাহাটীৰ তিনিওটা ঘাটৰ পৰা আজি ফেৰী চলিল। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ চলিব ফেৰী। ক’ভিদ বিধি মানি ১০০ শতাংশ যাত্ৰীয়ে ফেৰীত যাত্ৰা কৰিব পাৰিব । সকলোৰে আশা পুনৰ কৰ’নাই বিঘ্নিত নকৰক স্বাভাৱিক হ’ব ধৰা এই ধাৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ