পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা, বিনাপ্ৰতিদ্বন্দিতাৰে ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়
আজি ১১ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কাৰ্য, আজি ঘোষণা হব ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা চলি আছে। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া।
সেই ভোটগ্ৰহণৰেই আজি ভোট গণনা প্ৰক্ৰিয়া। মুঠ ৩৯৭ খন জিলা পৰিষদ ((ZPC)) আৰু আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভাগ্য পৰীক্ষা। অৱশ্যে ভোটগণনাৰ পূৰ্বেই জিলা পৰিষদৰ ৩৭ গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়।
বৰ্তমানলৈ হোৱা ভোটগণনা অনুসৰি এই পৰ্যন্ত জিলা পৰিষদত বিজেপি প্ৰাৰ্থী ১০৯ গৰাকীয়ে জয় হৈছে। কংগ্ৰেছৰ ১৩ গৰাকী আৰু এ আই ইউ ডি এফৰ ২গৰাকী প্ৰাৰ্থী জয় হৈছে। ভোটগণনা প্ৰক্ৰিয়া বৰ্তমানেও অব্যহত আছে।
আনহাতে আঞ্চলিক পঞ্চায়ত বিজেপি ২৩৬ আৰু কংগ্ৰেছে মাত্ৰ ১ খন আসনত জয়ী হৈছে। তাৰ বাহিৰে অন্য দলৰ প্ৰাৰ্থী এতিয়ালৈতে জয়ী হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















