প্রথম বৰ্ষাতেই ছাদ ফুটিল, পানী পৰিছে ৰামলালাৰ গৰ্ভগৃহতয়, বিগত জানুৱাৰীত উদ্বোধন হোৱাৰ পাছতে মন্দিৰৰ ছাদ ফুটাৰ ঘটনাক লৈ এইবাৰ উত্থাপিত হৈছে প্ৰশ্ন৷ বিজেপি চৰকাৰকেই আঙুলি টোৱাইছে ভক্তসকলে৷ ইয়াৰ মাজতেই আন এক বিপত্তি নামিছে ৰামমন্দিৰলৈ৷ এইবাৰ ৰামমন্দিৰলৈ যোৱা পথ খহি পৰিছে অযোধ্যাত৷
বিগত সপ্তাহৰ বুধবাৰে নিশা হঠাৎ ৰামমন্দিৰৰ প্ৰৱেশৰ মূল পথ খহি পৰে৷ অৱশ্যে লগে লগেই অযোধ্যা প্ৰশাসনে ৰাস্তা মেৰামতিৰ কামো আৰম্ভ কৰে৷ বছৰৰ আৰম্ভনিতে তৈয়াৰ কৰা এই পথ মাত্ৰ ৬মাহৰ ভিতৰতেই খহি পৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জনতাই৷ ইমান নিম্নমানৰ কাম কিয় কৰিছে চৰকাৰলৈ আঙুলি টোৱাইছে জনতাই৷
কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰামপথৰ এটা অংশ বৰষুণৰ পাছতেই খহি পৰিছে৷ বিকাৰগঞ্জৰ ওচৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জনাইছে অযোধ্যা প্ৰশাসনে৷ ইফালে ছাদৰ পৰা পানী পৰা বিষয়টো লৈয়ো সৰৱ হৈ আছে ৰামমন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাস৷ তেওঁ কয়, ‘যদি দুই এদিনৰ ভিতৰত এই সমস্যাৰ সমাধান কৰিব নোৱাৰে তেন্তে আমিও পূজাপাঠ কৰিবলৈ বাধ্য হম৷ সেইক্ষেত্ৰত ভক্তসকলেও পূজাপাঠত অংশ ল’ব নোৱাৰিব ৰাম মন্দিৰত৷’ পুৰোহিতৰ এই মন্তব্যৰ পাছতেই ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ চেয়াৰমেন নৃপেন মিশ্ৰই কয়, ‘উন্নত প্ৰযুক্তিৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ এই মন্দিৰত কোনো ত্ৰুটি নাই৷ বিদ্যুৎ লাইনৰ খুঁটাসমূহেৰে পানী বাগৰিছে৷ দ্ৰুত ব্যৱস্থাও লোৱা হৈছে৷ এই বিতৰ্ক চলি থকাৰ মাজতেই এইবাৰ খহিছে ৰাস্তা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ