দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি কঁপাই তোলা পেগাচাছ কাণ্ডৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চলি গোচৰ সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পেগাছাছ গোচৰৰ তদন্ত কমিটিৰ কাৰ্যকাল আৰু ৪ সপ্তাহলৈ বৃদ্ধি কৰিছে৷
অৰ্থাৎ পেগাছাছ গোচৰৰ তদন্ত কৰি থকা ন্যায়াধীশ ৰবীন্দ্ৰন কমিটীৰ কাৰ্যকাল চাৰি সপ্তাহ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। এই বৃদ্ধিৰ ফলত পেগাচাছ গোচৰৰ পৰৱৰ্তী শুনানি অহা জুলাই মাহত অনুষ্ঠিত হ’ব৷
ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কমিটিৰ ম্যাদ আৰু এমাহলৈ বৃদ্ধি কৰিছে। মুখ্য ন্যায়াধীশ ৰমনাই কয় যে কাৰিকৰী সমিতিয়ে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কিছু সময় বিচাৰিছে।
লগতে পঢ়ক যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম
মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে ইতিমধ্যে কমিটিয়ে পেগাচাছ গোচৰৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে। কাৰিকৰী কমিটীয়ে জনোৱা মতে এতিয়ালৈকে ২৯টা মোবাইলৰ তদন্ত কৰাৰ লগতে সাংবাদিক আৰু পেগাচাছৰ কাণ্ডৰ বলি হোৱা লোকসকলৰ সৈতেও বিষয়টো সন্দৰ্ভত সাক্ষাৎ কৰিছে। অৱশ্যে কিছুমান সংস্থাৰ পৰা এতিয়াও সঁহাৰি লাভ কৰা নাই বুলিও প্ৰকাশ কৰিছে কমিটিয়ে।
ইফালে নিৰীক্ষণ ন্যায়াধীশে ২০২২ চনৰ ২০ জুনৰ ভিতৰত প্ৰতিবেদন চূড়ান্ত কৰিবলৈ সময় বিচাৰিছে। মে’ মাহৰ শেষৰ ফালে এই প্ৰতিবেদন চূড়ান্ত কৰা হ’ব। কমিটীয়ে কিছুমান বিষয়ত জনমত বিচাৰিছিল আৰু বৃহৎ সংখ্যক লোকে নিজৰ মতামত প্ৰেৰণ কৰিছে যদিও একাংশ বিশেষজ্ঞ সংস্থাৰ মতামতৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলিও তদন্ত কমিটিয়ে প্ৰকাশ কৰিছে।
লগতে পঢ়ক মহাবিস্ফোৰণ! নিজৰ মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন বিশ্বৰ ধনী ব্যক্তি এলন মাস্কৰ!
শুকুৰবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তদন্ত কমিটিৰ ম্যাদ আৰু চাৰি সপ্তাহলৈ বৃদ্ধি কৰাৰ পিছত তদন্ত কমিটিয়ে অহা ২০ জুনৰ ভিতৰত ন্যায়ালয়ত তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগিব৷
ইফালে এই গোচৰৰ আবেদনকাৰী কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ আইনজীৱী কপিল ছিব্বালে এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনাইছে যদিও চৰকাৰী পক্ষই এই প্ৰতিবেদন ৰাজহুৱা কৰা উচিত নহয় বুলি মন্তব্য কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















