অসম লাইভ২৪ঃ বিগত ৭০ বছৰ ধৰি বাকিংহাম পেলেছৰ সিংহাসন শুৱনি কৰি আহিছে ৰজাই। তৃতীয় চাৰ্লছৰ ৰাজ্যভিষেক উপলক্ষ্যে লণ্ডনত জাকজমকপূৰ্ণ আয়োজন চলিছিল ব্ৰিটেইনত। আমন্ত্ৰিত হৈছিল ২০০০ ৰো অধিক লোক। শনিবাৰে এই অভিষেক আছিল যদিও পূৰ্বৰ তিনিদিনৰ পৰাই বিশেষ অনুষ্ঠান চলিছিল ব্ৰিটেইনত। কিন্তু ইয়াৰ মাজতেই ৰাজতন্ত্ৰৰ বিৰুদ্ধে একাংশই শ্লোগান দি ওলাই আহিল। ৰাজতন্ত্ৰ নিপাত যাওক বুলি ৰাজপথত শ্লোগান দিয়াসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। ৫২ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটাইকেইজন প্ৰতিবাদকাৰীয়েই ৰিপাব্লিক দলৰ সদস্য বুলিও জনাইছে এক বিশেষ সূত্ৰই।
অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই। চাৰ্লছৰ অভিষেকৰ দিনা লণ্ডনত ৰাস্তাত প্ৰতিবাদ কৰা লোকসকলৰ প্ৰধান শ্লোগান আছিল, ‘একবিংশ শতিকাত ৭৮ বছৰীয়া ৰজাৰ অভিষেক পতা কথাটো নিতান্তই অৰ্থহীন। এই অনুষ্ঠানত যি বিপুল অৰ্থ ব্যয় হৈছে সেই অৰ্থৰে দেশৰ অৰ্থনৈতিক কাম কাজ কৰিব পাৰে।’ প্ৰতিবাদকাৰীসকলে লগতে কয়, ‘আমাৰ কোনো ৰজা নাই। ৰাজতন্ত্ৰ নিপাত যাওক। তৃতীয় চাৰ্লছেই শেষৰজন ৰজা হ’ব ইয়াৰ পাছত ব্ৰিটেইনত ৰাজতন্ত্ৰৰ অস্তিত্ব নাথাকিব।’
উল্লেখ্য যে চাৰ্লছৰ অভিষেকৰ কিমান ধন খৰচ হ’ল সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই যদিও বাকিংহাম পেলেছৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথাই প্ৰকাশ কৰা হোৱা নাই। বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ হোৱা অনুসৰি এই অভিষেকত প্ৰায় ৫০০ ৰ পৰা ১০০০ কোটি টকা খৰচ হৈছে। ব্ৰিটেইনৰ ক্ষমতাহীন চৰকাৰেই এই অভিষেকৰ খৰচ বহন কৰিছে। অৰ্থাৎ পৰোক্ষভাৱে সাধাৰণ নাগৰিক তথা কৰদাতাসকলৰ টকাৰেই এই অভিষেক পতা হৈছে। বহুতেই প্ৰশ্ন কৰিছে ‘একবিংশ শতিকাত এই বৃদ্ধ ৰজাৰ অভিষেক পাতি ধন অপব্যয় কৰাটো যুক্তিসংগত কথা কেনেকৈ হ’ব পাৰে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ