মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো বিমান বন্দৰ৷ বিমান বন্দৰটোত এখন যাত্ৰীবাহী বিমানে অৱতৰণ কৰিবলৈ লৈছে৷ পাইলতে ৰাণৱেত বিমানখনৰ গতি মন্থৰ কৰিবলৈ চেষ্টা কৰিছে৷
ঠিক তেনে সময়তে ঘটিল এটা অঘটন৷ এজন যাত্ৰীয়ে হঠাতে জৰুৰীকালীন দুৱাৰখন খুলি পাংখাৰ ওপৰত খোজকাঢ়িবলৈ ধৰিলে৷ লগে লগে বিমানৰ ভিতৰত হুলস্থুল আৰু আতংকৰ সৃষ্টি হৈ গ’ল৷ লগে লগে পাইলটে বিমানখনৰ জৰুৰী ব্ৰেক হেঁচি ৰখাবলৈ বাধ্য হয়৷
বিমানখন আছিল ফ্ৰেংক ইউনাইটেড এয়াৰলাইন্স ফ্লাইটৰ ২৪৭৮৷ চান ডিয়েগ’ৰ পৰা চিকাগোলৈ উভতি আহিছিল বিমানখন৷ সেই বিমানৰে যাত্ৰী আছিল কেলিফৰ্ণিয়াৰ বাসিন্দা ৫৭ বছৰীয়া ৰেণ্ডি ফ্ৰেংক৷ এই ৰেণ্ডি ফ্ৰেংকেই ঘটালে এই ভয়ংকৰ ঘটনাটো৷
লগতে পঢ়ক পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!
ফ্ৰেংকে বিমানৰ পাংখাৰ পৰাই তললৈ জঁপিয়াই নামে আৰু ইয়াৰ পিছতে ৰেণ্ডি ফ্ৰেংকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অহা ২৭ জুনত তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব৷
‘‘মানুহজনে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলি চলন্ত বিমানখনৰ পাংখাত উপস্থিত হয়৷ তাৰ পিছত তেওঁ তললৈ জঁপিয়াই দিয়ে৷ গ্ৰাউণ্ড ক্ৰুৱে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷’’ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়৷
মানুহজনে কিয় এই কাণ্ডটো সংঘটিত কৰিছিল? মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঘৰুৱা যাত্ৰীৰ একাংশই দাবী কৰিছে যে বিমান অৱতৰণ কৰাৰ পিছতো বহু সময় ধৰি বিমানৰপৰা নামিবলৈ যাত্ৰীসকলে অপেক্ষা কৰিবলগীয়া হয়৷
লগতে পঢ়ক ১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?
ইফালে বিমানৰ মূল দুৱাৰটো যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ ৰেণ্ডি ফ্ৰেংকেই এই ভিৰৰ পৰা পৰিত্ৰাণ পাবলৈকে এই কাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে৷
অৱশ্যে, আমেৰিকাৰ বিমানত এনে অদ্ভূত কাণ্ড বা ঘটনা নতুন নহয়৷ কেৱল যোৱা বৰ্ষতে প্ৰায় ৫,৫০০ হাজাৰ লোকক এনে অভদ্ৰ আৰু অদ্ভূত কাণ্ড তথা আচৰণৰ বাবে বিমান যাত্ৰা নিষিদ্ধ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ