আপুনি ভূত বিশ্বাস কৰে নে? এই প্ৰশ্নটোৰ উত্তৰত বহুতে কৰো বুলি ক’লেও একাংশ ই নকৰো বুলি ক’ব৷ একাংশই ভূত থকাটো বিশ্বাস কৰিলেও একাংশই এয়া অন্ধবিশ্বাস বুলিয়ে ক’ব৷
ইয়াৰ পিছতো যদি কোৱা হয় যে এইবাৰ ভূতে কেমেৰাত ধৰা দিছে! তেতিয়া ভূত বিশ্বাস কৰা লোকেও অবিশ্বাসেই কৰিব৷ কাৰণ তেওঁলোকেও ভাবে যে ভূতে কেতিয়াও কেমেৰাত ধৰা নিদিয়ে!
সেয়া যি কি নহওক, আপুনি বিশ্বাস কৰকেই বা নকৰক এইবাৰ কিন্তু ভূতে কেমেৰাৰ আগত অৰ্থাৎ লেন্সত ধৰা দিয়াৰ এক দাবী উঠাই নহয়, সেই ছবি সামাজিক মাধ্যম তথা ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷
এই দাবী কৰিছে লণ্ডনৰ এদল ভূতৰ চিকাৰীয়ে৷ প্ৰকাশিত বাতৰিৰ মতে ভূতৰ সন্ধানত কৰা উক্ত দলটোৱে লিঙ্কনশ্বেয়াৰৰ লাইভষ্ট্ৰীট কৰাৰ সময়ত এটা ভূতে দলটোৰ কেমেৰাত ধৰা দিছে৷
ৰেটফ’ৰ্ড ঘোষ্ট হাণ্টাৰ্ছ নামৰ এই দলটোৱে লিঙ্কনশ্বেয়াৰৰ মেথেৰিংহাম ঘাটলৈ গৈছিল৷ উক্ত ঠাইত কেথেৰিন বাইষ্টক নামৰ এগৰাকী ব্যক্তিয়ে ভূত দেখা পোৱা কথা প্ৰকাশ কৰিছিল৷
তাৰ পিছতে দলটোৱে তালৈ ভূতৰ সন্ধানত যায়৷ আৰু দলটোৱে তাতে এটা ভূতে তেওঁলোকৰ কেমেৰাত ধৰা দিয়াৰ কথা বুলি দাবী কৰিছে৷
‘‘ইয়াৰ পূৰ্বেও কেমেৰাত বহু ভূটৰ ছবি বন্দী কৰা হৈছে৷ কিন্তু লিঙ্কনশ্বেয়াৰ এই ভূতৰ ছবি হৈছে অসাধাৰণ৷ হঠাতে গাড়ীৰ সন্মুখত ওলাই দিছিল৷’’ দলটোৰ সঞ্চালক ৰাছেল পাৰ্ছনছে কয়৷
ৰাছেলে লগতে কয়, ‘‘তেতিয়া হাড় কঁপোৱা ঠাণ্ডা৷ গাড়ীৰে সেই স্থানত গৈ পালোগৈ৷ আমি গাড়ীৰ চিচা নমাই ক’লো, ‘যদি আপুনি কেথেৰিন হয়, তেন্তে আমাক দেখা দিয়ক৷’’
ৰাছেলে দাবী কৰিছে যে তেনেতে হঠাতে গাড়ীৰ সন্মুখত অৱয়ব হাজিৰ হয়৷ আৰু তেওঁলোকে তাক ভূত বুলি দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ