অসম লাইভ ২৪ঃ সুৰক্ষাৰ প্ৰসংগত সদাসতৰ্ক নৰেন্দ্ৰ মোদী৷ নিজৰ সুৰক্ষা ব্যৱস্থাত ক্ৰুটি ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ পূৰ্বতকৈ অধিক শক্তিশালী কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষা কৱচ ৷ Range Rover Vogue আৰু Toyota Land Cruiserৰ পৰিৱৰ্তে বৰ্তমান Mercedes-maybach S650 লৈ উন্নীত কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰা বাহন ৷ VR10 সুৰক্ষা প্ৰদান কৰিব ১২ কোটি মূল্যৰ এই বাহনে৷ বুলেট আক্ৰমণ, বিস্ফোৰণ, গেছ আক্ৰমণ আদিৰ পৰা সুৰক্ষা পোৱাৰ উদ্দেশ্যে অধিক শক্তিশালীৰূপত ব্যৱহাৰ কৰা হৈছে এই বাহন৷ যিহেতু প্ৰধানমন্ত্ৰীৰ কনভয়ৰ এক অন্যতম অংশ তেওঁ ব্যৱহাৰ কৰা বাহনখন৷ গতিকে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ ৰিপ’ৰ্ট অনুসৰি, বাহনখনৰ উইনদ’ পলিকাৰ্বনেটেৰ বিশেষভাৱে ক’ট কৰা হৈছে, যিয়ে প্ৰতিহত কৰিব পাৰিব বুলেট আক্ৰমণ৷ ERV ২০১০ ৰেটিঙ প্ৰাপ্ত এই বাহনে ২ মিটাৰ দূৰত্বৰ পৰা ১৫ কেজি পৰ্যন্ত TNT বিস্ফোৰণ প্ৰতিহত কৰিব পাৰে এই বিশেষ বাহনে৷ ইয়াৰোপৰি, সাম্ভাৱ্য গেছ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গাড়ীখনৰ কেবিনত বায়ু সৰবৰাহৰ এক সুকীয়া ব্যৱস্থাৰ সুবিধা আছে৷ মুঠৰ ওপৰত নিজৰ সুৰক্ষা ব্যৱস্থাত কোনো সুৰুঙা ৰাখিব বিচৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ