অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতেই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰপাছতেই সৌৰবিদ্যুৎ সংস্থাসমূহৰ শ্বেয়াৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। মঙলবাৰে সৌৰ বিদ্যুৎ কোম্পানীসমূহৰ শ্বেয়াৰ ১৯ শতাংশতকৈয়ো অধিক বৃদ্ধি পাইছে। প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা ঘোষণা কৰিছে। এই যোজনাৰ আওতাত কোৱা হৈছে যে, চৰকাৰে ১ কোটিতকৈয়ো বেছি ছলাৰ চিষ্টেম বহুৱাব। যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্তৰ বিদ্যুতৰ বিল কমাৰ ওপৰিও দেশৰ পাৱাৰ চেক্টৰো স্বনিৰ্ভৰশীল হিচাপে গঢ়ি উঠিব।
কোন কোন কোম্পানীৰ শ্বেয়াৰ বৃদ্ধি পাইছে?
সোমবাৰে সন্ধিয়া সূৰ্যোদয় যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই মঙলবাৰে সৌৰ গ্লাছ উৎপাদনকাৰী সংস্থা Borosil Renewables ৰ শ্বেয়াৰ ১৯শতাংশৰো বেছি বাঢ়ি ৬০১.৫০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত কোম্পানীৰ শ্বেয়াৰে ৫২ সপ্তাহৰ ৰেকৰ্ড ভংগ কৰিছে। শনিবাৰে Borosil Renewables শ্বেয়াৰ ৫০৭ টকা আছিল। অৰ্থাৎ প্ৰায় ৯০টকাতকৈয়ো অধিক শ্বেয়াৰ বৃদ্ধি পাইছে।
ইয়াৰোপৰি ৱেবছল এনাৰ্জী চিষ্টেমৰ শ্বেয়াৰো বহু পৰিমানে বৃদ্ধি পাইছে। এই কোম্পানীও সৌৰ বিদ্যুৎ ব্যৱসায়ৰ সৈতে জড়িত। এদিনতেই এই ষ্টক প্ৰায় ১০শতাংস বৃদ্ধি পাইছে। ৬মাহৰ ক্ষেত্ৰত এই বৃদ্ধিৰ পৰিমান প্ৰায় ২৫৭ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান এই ষ্টকৰ দাম ৩০০ টকা। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী সৌৰ বিদ্যুতৰ ঘোষণাৰ পাছতেই ষ্টাৰ্লিং এণ্ড উইলছন ৰিনিউয়েল এনাৰ্জী লিমিটেডৰ শ্বেয়াৰৰ দাম বৃদ্ধি পাইছে। কোম্পানীটোৰ শ্বেয়াৰ ৫শতাংশতকৈয়ো বৃদ্ধি পাইছে। বৰ্তমান ইয়াৰ শ্বেয়াৰ মূল্য ৫২৮.৯৫ টকা। ইয়াৰোপৰি ৱাৰি ৰিনিউয়েবল টেকনলজিৰ শ্বেয়াৰো ৫শতাংশতকৈ বৃদ্ধি পাইছে। ইয়াৰ শ্বেয়াৰ মূল্য বৰ্তমান ৩০০৮.৪০টকা। আনকি টাটা পাৱাৰৰো শ্বেয়াৰৰ দাম ৪শতাংশ বাঢ়ি হৈছেগৈ ৩৬৬.৪০টকা। টাটা পাৱাৰৰ শ্বেয়াৰেও মঙলবাৰে ৫২ সপ্তাহৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ