ফিক্সড ডিপোজিটৰ ওপৰত বিভিন্ন বেংকে বিভিন্ন ধৰণৰ সুদ প্ৰদান কৰে৷ প্ৰবীণ নাগৰিক বা ছিনিয়ৰ চিটিজেনৰ বাবেও আৰু বেছি সুদৰ হাৰ প্ৰদান কৰা হয় ফিক্সড ডিপোজিটত৷ ইয়াৰোপৰি প্ৰয়োজন হলে এফ ডিৰ সাপেক্ষে ঋণ লব পাৰে বিনিয়োগকাৰীয়ে৷ ইয়াৰোপৰি বেংক এফ ডিৰ ওপৰত ৮০ চি ধাৰাত কৰ ৰেহাইয়ো দাবী কৰিব পাৰে৷ ইয়াৰোপৰি পি এনবিৰ ফিক্সড ডিপোজিট স্কিমত আপুনি ৪৬ দিনৰ বাবে ২লাখ টকা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব?
এফ ডিৰ ওপৰত ৩.৫০শতাংশৰ পৰা আৰম্ভ কৰি ৭.২৫ শতাংস হাৰত সুদ প্ৰদান কৰে পঞ্জাৱ নেশ্ব্যনেল বেংক বা পি এন বিয়ে৷ ৪৬ দিনৰ ম্যাদত এফ ডিত সাধাৰণ নাগৰিকৰ বাবে ৪.৫০শতাংশ হাৰত সুদ প্ৰদান কৰে চৰকাৰী বেংকে৷ আৰু সেই ম্যাদতেই প্ৰবীণ নাগৰিকসকলক প্ৰদান কৰে ৫শতাংশ হাৰত সুদ৷
এজন সাধাৰণ নাগৰিকে পঞ্জাৱ নেশ্ব্যনেল বেংকত ৪৬ দিনৰ ম্যাদত এফ ডিত ২লাখ টকা ৰাখিছে তেন্তে ম্যাদৰ শেষত সাধাৰণ বিনিয়োগৰাকীয়ে ৰিটাৰ্ণ হিচাপে পাব ২,০১, ১৩১ টকা৷ এইবাৰ ধৰা হওক এজন প্ৰবীণ নাগৰিক বা চিনিয়ৰ ব্যক্তিয়ে পঞ্জাৱ নেশ্ব্যনেল বেংকত ৪৬ দিনৰ ম্যাদত এফ ডিত ২লাখ টকা ৰাখিছে তেন্তে ম্যাদৰ শেষত সেই প্ৰবীণ নাগৰিকে ৰিটাৰ্ণ হিচাপে পাব ২,০১, ২৫৬ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ