পষ্টঅফিচৰ ৰেকাৰিং ডিপজিট স্কিমত নিৰাপদ বিনিয়োগৰ বাবে আছে এক চমৎকাৰ বিকল্প৷ এই চৰকাৰী ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পত প্ৰতি বছৰ ৬.৭শতাংশ হাৰত সুদ দিয়া হয় আৰু বিনিয়োগৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে পাঁচ বছৰ৷ এয়া ১০ বছৰ পৰ্যন্তও বঢ়াব পাৰি৷
কেনেকৈ লক্ষাধিক টকা সঞ্চয় সম্ভৱ?
এই স্কিমত নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰতি মাহত জমা ৰাখিলে দহ বছৰৰ ভিতৰত ৮লাখ টকাতকৈয়ো বেছি আপুনি সঞ্চয় কৰিব পাৰে৷ প্ৰতিমাহে ৫০০০ টকাকৈ জমা কৰিলে ৫বছৰত মুঠ বিনিয়োগ হ’ব ৩লাখ টকা৷ সুদ হিচাপে জমা হ’ব ৫৬,৮৩০ টকা৷ ফলত মুঠ জমা হ’ব ৩,৫৬,৮৩০টকা৷ যদি ম্যাদ আৰু ৫বছৰ বঢ়োৱা হয় তেতিয়া ১০ বছৰত আপোনাৰ জমা হ’ব মুঠ ৬লাখ টকা৷ এই সময়ত ৬.৭ শতাংশ হাৰত সুদৰ পৰা জমা হ’ব ২,৫৪,২৭২টকা৷ ফলত ১০ বছৰত মুঠ জমা হ’ব ৮, ৫৪, ২৭২ টকা৷
সৰ্বনিম্ন বিনিয়োগঃ
প্ৰতিমাহে মাত্ৰ ১০০ টকাৰেও আপুনি বিনিয়োগ কৰিব পাৰে৷
সৰ্বোচ্চ বিনিয়োগৰ কোনো ঊৰ্ধসীমা নাই৷
প্ৰিমেচিউৰ ক্লোজাৰ আৰু লোনৰ সুবিধাও উপলব্ধ৷
ম্যাদৰ পূৰ্বে একাউণ্ট বন্ধ কৰাৰ সুবিধা আছে৷ এবছৰতকৈ বেছি সময় একাউণ্ট চলি থাকিলে জমাৰ ৫০শতাংশ পৰ্যন্ত আপুনি ঋণ ল’ব পাৰে৷
কিশোৰসকলৰ বাবেও একাউণ্ট খোলাৰ সুবিধা আছে পষ্ট অফিচত৷ অৱশ্যে এইক্ষেত্ৰত অভিভাৱকৰ নাম থকাটো বাধ্যতামূলক৷ এই স্কিমত নিৰাপদ বিনিয়োগৰ ওপৰিও নিশ্চিত মুনাফা আপুনি পাবই৷ সঞ্চয়ৰ বাবে অতি নিৰ্ভৰযোগ্য পন্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ