২০২৫ আৰম্ভ হ’বলৈ আৰু বেছি দিন নাই৷ ২০২৫ চনক লৈ বাবা ভাংগাৰ কিছু ভৱিষ্যদ্বাণী সামাজিক মাধ্যমত বহুতেই শ্বেয়াৰ কৰি থকা দেখা গৈছে৷ বুলগেৰিয়াৰ এই ভৱিষ্যদ্ৰষ্টাই বহু বছৰ পূৰ্বেই এনে কিছু ভৱিষ্যদ্বাণী কৰি গৈছিল যি পৰবৰ্তীকালত সঁচা প্ৰমাণিতও হৈছে৷ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীসমূহৰ মাজত আছে ৯/১১ত আমেৰিকাৰ টুইন টাৱাৰত আক্ৰমণ৷ ২০২৫ চনত কি ঘটিব সেই বিষয়েও তেওঁ পূৰ্বেই কৈ গৈছে৷ ২০২৫ ক লৈ কি কি ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই?
ইউৰোপত অস্থিৰতা
দৃষ্টিহীন ভৱিষ্যদ্ৰষ্টা বাবা ভাংগাৰ দাবী অনুসৰি ২০২৫ত ইউৰোপৰ ভিতৰত নানান অশান্তি আৰু অস্থিৰতাই দেখা দিব৷ ৰাজনৈতিক অস্থিৰতা আৰু অনিশ্চয়তাই দেখা দিব ইউৰোপৰ বিভিন্ন দেশত৷ ইউৰোপৰ দেশসমূহৰ মাজত এই অশান্তিয়ে ইমানেই ডাঙৰ আকাৰ ল’ব যে ইয়াৰ ফলত প্ৰচুৰ প্ৰাণহানিও হ’ব পাৰে৷
কেঞ্চাৰৰ ঔষধ
কৰ্কটৰ ঔষধ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত ২০২৫ চনত বিজ্ঞানৰ উল্লেখযোগ্য অগ্ৰগতি হ’ব বুলি জনাইছে বাবা ভাংগাই৷ কৰ্কটৰ ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত বিশেষ কৃতকাৰ্যতা দেখুৱাব চিকিৎসকে৷ ইয়াৰ ফলত আগন্তুক দিনত কৰ্কটৰ দৰে মাৰণ ৰোগৰ পৰা আৰু কোনো ভয়ৰ কাৰণ নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ