• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

4 years ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

8 minutes ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

41 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

1 hour ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

3 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

4 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

5 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

15 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

editor by editor
May 16, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক সংক্ষিপ্ত ভ্ৰমণ সূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপাল ভ্ৰমণ কৰিছে৷ এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। দুই দেশৰ মাজত হ’ব ৭ খন গুৰুত্বপূৰ্ণ চুক্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ কূটনৈতিক দৃষ্টিকোণৰ পৰা এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিন্তু কিয়?

বুদ্ধ পূৰ্ণিমা উপলক্ষে এদিনীয়া ভ্ৰমণসূচীৰে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লুম্বিনীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লুম্বানীৰ মায়াদেৱী মন্দিৰত প্ৰাৰ্থনা আগবঢ়োৱাৰ লগতে পবিত্ৰ পুষ্কৰ্ণী পুখুৰী আৰু অশোক স্তম্ভ প্ৰদক্ষিণ কৰে। ভাৰতৰ সহায়ত নিৰ্মাণ হৈ থকা বৌদ্ধ সাংস্কৃতিক কেন্দ্ৰৰ ভূমি-পূজনতো অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চম নেপাল ভ্ৰমণ। একে সময়তে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছে। ২০১৭ চন আৰু শেহতীয়াকৈ ২০২২ চনত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল।

লগতে পঢ়ক ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী দেউবাৰ সৈতে জলবিদ্যুৎ, উন্নয়ন আৰু যোগাযোগ আদি বিষয়ত আলোচনা কৰিব। দ্বিপাক্ষিক বৈঠকৰ পিছত দুয়োখন দেশৰ মাজত সাংস্কৃতিক আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত কিছু চুক্তি স্বাক্ষৰিত হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে লুম্বানী মঠত ভাৰত আন্তৰ্জাতিক বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে বুদ্ধ জয়ন্তী উদযাপনতো অংশগ্ৰহণ কৰিব। তেওঁ লগতে বৌদ্ধ পণ্ডিত, বৌদ্ধ সন্ন্যাসীৰ লগতে নেপাল আৰু ভাৰতৰ জনসাধাৰণক সম্বোধন কৰিব।

লগতে পঢ়ক লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

মূলতঃ দুটা ৰাজনৈতিক দলে নেপালত আধিপত্য বিস্তাৰ কৰিছে। প্ৰথমটো কমিউনিষ্ট পাৰ্টি আৰু দ্বিতীয় নেপালী কংগ্ৰেছ। বৰ্তমান নেপালী কংগ্ৰেছ পাৰ্টিৰ নেপালত চৰকাৰ চলি আছে। ২০২১ চনৰ ১৩ জুলাইত শ্বেৰ বাহাদুৰ দেউবা দেশখনৰ পুনৰ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ পূৰ্বে ২০১৮ চনৰ পৰা ২০২১ চনলৈ নেপালৰ কমিউনিষ্ট পাৰ্টিৰ কে পি শৰ্মা অলি প্ৰধানমন্ত্ৰী আছিল। কে পি শৰ্মাৰ কাৰ্যকালত ভাৰত-নেপাল সম্পৰ্ক যথেষ্ট শীতল হৈ পৰিছিল।

বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ অধ্যাপক ডঃ প্ৰদীপ সোমবংশীয়ে কৈছে, ‘‘শৰ্মা কমিউনিষ্ট মতাদৰ্শৰ আছিল আৰু তেওঁ চীনৰ দ্বাৰা প্ৰভাৱন্বিত আছিল। সেই সময়ত পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ পৰা নেপালৰ ৰাষ্ট্ৰপতি কাৰ্যালয়লৈকে চীনা ৰাষ্ট্ৰদূতৰ হস্তক্ষেপ আছিল। ইয়াৰ বাবেই ভাৰত আৰু নেপালৰ মাজত বহু বিবাদ আৰম্ভ হয়। দুয়োখন দেশতে সৃষ্টি হৈছিল উত্তেজনা।’’

সোমবংশীৰ মতে নেপাল আৰু চীনৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ঘনিষ্ঠতাত ভাৰত প্ৰভাৱিত হ’ব। নেপালৰ ওপৰত অধিক প্ৰভাৱ পেলাই চীনে নিজৰ ভূমি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰিব। এইটোৱেই হ’ব আটাইতকৈ বিপদজনক পৰিস্থিতি। এনে অৱস্থাত ভাৰতে নেপালৰ সৈতে সম্পৰ্ক সঠিকভাৱে ৰাখিব লাগিব, আনহাতে নেপালেও চীনৰ সৈতে সাৱধান হোৱাটো প্ৰয়োজন। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই নেপাল ভ্ৰমণে নেপালৰ ওপৰত থকা চীনৰ প্ৰভাৱ যথেষ্ট হ্ৰাস কৰি ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰিব৷

লগতে পঢ়ক ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

প্ৰতিৰক্ষা বিশেষজ্ঞ ডাঃ মহেশ কৰন্দীকাৰেও এই নীতিকেই বিশ্বাস কৰি কয় যে, ‘‘দেউবা প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা ভাৰত-নেপাল সম্পৰ্কত উন্নতি হৈছে৷ শ্ৰীলংকাৰ পৰিস্থিতিৰ পৰা নেপালে শিকিব লাগে। যদি কোনো প্ৰকাৰে নেপাল চীনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, তেন্তে অনাগত সময়ত ইয়াৰ অৱস্থা অতি বেয়া হৈ পৰিব। ভাৰত আৰু নেপালৰ মাজত সুসম্পৰ্ক দুয়োটাৰে বাবে প্ৰয়োজনীয়।’’

বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ আদিত্য পেটেলৰ মতে শ্ৰীলংকাই চীনৰ ওপৰত অত্যধিক নিৰ্ভৰ হোৱাৰ ফলতে দেশখনত দুভিক্ষৰ আৰম্ভ হৈছে৷ চীনে শ্ৰীলংকাক ঋণ মাফ কৰা নাছিল, সুতত কোনো ধৰণৰ ৰেহাই দিয়া নাছিল, কিন্তু শ্ৰীলংকাই ভাৰতৰ সমৰ্থন লাভ কৰিছিল। এই কঠিন পৰিস্থিতিত ভাৰতে কেৱল শ্ৰীলংকাক আৰ্থিকভাৱে সহায় কৰাই নহয়, খাদ্য, তেল আৰু অন্যান্য প্ৰয়োজনীয় সম্পদৰ যোগান ধৰিছে। ইয়াৰ বাবেই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ অহাৰ বিপৰীতে শ্ৰীলংকা আৰু চীনৰ মাজৰ দূৰত্ব বাঢ়িছে।

লগতে পঢ়ক আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

আদিত্যই কয় যে কেৱল শ্ৰীলংকা আৰু নেপালেই নহয়, যোৱা কেইবছৰমানৰ পৰা চীনে ভূটান, ম্যানমাৰ, মালদ্বীপতো ভাৰতৰ সম্পৰ্ক বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই সকলোবোৰ সময়মতে ভাৰতে চম্ভালি ল’লে। কৰ’নাৰ সময়ত ভাৰতে ভূটানক যথেষ্ট সহায় আগবঢ়াইছিল।

একেদৰে ম্যানমাৰৰ ৰাজনৈতিক পৰিস্থিতিও বেয়া আছিল। সেনাই তাত ক্ষমতা দখল কৰিছিল। ইয়াৰ পিছত সমগ্ৰ বিশ্বই ম্যানমাৰলৈ সাহায্য প্ৰেৰণ কৰা বন্ধ কৰি দিলে। ভাৰতে ম্যানমাৰ সেনাৰ এই কাৰ্যক গৰিহণা দিছিল, কিন্তু নিশ্চিতভাৱে তাত থকা জনসাধাৰণক সহায় কৰি থাকিল।

এইসমূহ দিশৰ পৰাই এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেপাল ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈছে৷ অৰ্থাৎ এই ভ্ৰমণে ভাৰতৰ আৰু চীনৰ কূটনৈতিক যুঁজত ভাৰতে কেবা যোজনো আগুৱাই যোৱা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ অৰ্থাৎ দক্ষিণ পূৱ এছিয়াত ভাৰতৰ কদৰ বৃদ্ধিত ই যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamModi Nepal TourMP ModiNepal PM Sher Bahadur Deuba
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.