বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে৷ চণ্ডীগড়ত ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব মুখ্যমন্ত্ৰী মান। তেওঁৰ বাসভৱনত অনুষ্ঠিত হ’বলগীয়া বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ভগৱন্ত মানে ইন্দ্ৰপ্ৰীত কৌৰক বিয়া কৰাইছিল। দুটা সন্তানৰ সৈতে ইন্দ্ৰপীত কৌৰ বৰ্তমান আমেৰিকাত থাকে।
স্মৰ্তব্য যে শ্বহীদ ভগত সিং গাঁৱৰ খাটকাৰকালনত ভগৱন্ত মানে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা দুগৰাকী লোক বিশেষভাৱে যথেষ্ট চৰ্চালৈ আহিছিল। তেওঁলোক আছিল মুখ্যমন্ত্ৰী ভগৱত মানৰ পুত্ৰ-কন্যা। তেওঁলোক দুয়োজনেই আমেৰিকাৰ পৰা শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আহিছিল। পিতৃ ভগৱন্ত মানৰ সৈতে সাত বছৰৰ পাছত দুই পুত্ৰ-কনাৰ সাক্ষাৎ ঘটিছিল।
লগতে পঢ়ক দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
বৰ্তমান ভগৱন্ত মনৰ পুত্ৰ দিলচন মান ১৭ বছৰ আৰু কন্যা সীৰত কৌৰ মান ২১ বছৰ। দুয়ো মাতৃ ইন্দৰপ্ৰীত কৌৰৰ সৈতে আমেৰিকাত থাকে। ২০১৫ চনত ভাগৱত মান আৰু ইন্দ্ৰপ্ৰীত কৌৰৰ বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই ইন্দৰপ্ৰীত কৌৰে দুই সন্তানৰ সৈতে আমেৰিকাত থাকে। ইয়াৰ পূৰ্বে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ টিকটত ভগৱত মানে সংগ্ৰুৰৰ পৰা জয়লাভ কৰিছিল।
যেতিয়া ভগৱন্ত মানে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁৰ প্ৰথম পত্নীয়েও তেওঁক সমৰ্থন কৰিছিল। মানে প্ৰতিদ্বন্দ্বিতা কৰা লোকসভা সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাতো ইন্দপ্ৰীত কৌৰে অংশগ্ৰহণ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইন্দ্ৰপ্ৰীতৰ আকৰ্ষণীয় ভাষণৰ বিষয়ে বহু চৰ্চা হৈছিল। সেই সময়ত আনকি কোৱা হৈছিল যে যদি আপে ইন্দ্ৰপ্ৰীতক বিধানসভা নিৰ্বাচনত টিকট দিয়ে, তেতিয়া তেওঁ সহজেই নিৰ্বাচনত জয়ী হ’ব পাৰে।
কিন্তু, নিৰ্বাচনত জয়ী হোৱাৰ এবছৰ পিছতে ২০১৫ চনৰ ২০ মাৰ্চত ভগৱত মান আৰু ইন্দ্ৰপ্ৰীত কৌৰে আদালতত পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। এই আবেদনত মানৰ যুক্তি আছিল যে ৰাজনীতিৰ বাবে তেওঁ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে।
লগতে পঢ়ক কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?
খবৰ অনুসৰি আদালতত দিয়া আবেদনত ভগৱন্ত মানৰ পত্নীয়ে এটা চৰ্ত দিছিল যে যদি মান ভাৰত এৰি কেলিফৰ্ণিয়ালৈ স্থানান্তৰিত হয়, তেন্তে তেওঁ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিব। আনহাতে মানে ৰাজনীতি ত্যাগ কৰি বিদেশলৈ যাব বিচৰা নাছিল। মানৰ যুক্তি আছিল যে তেওঁ ৰাইজৰ আস্থা ভংগ কৰিব নোৱাৰে। যদি তেওঁৰ পত্নীয়ে তেওঁৰ লগত ভাৰততে থাকিব ল’ব বিচাৰে তেন্তে তেৱোঁ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিব।
ভগৱন্ত মানেও নিজৰ ফেচবুক পেজত বিবাহ বিচ্ছেদৰ কাৰণ শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল, ‘‘সময়ৰ পাখিত যিটো ওলমি আছিল, সেইটো সমাধান হৈছে, কালি আদালতে সিদ্ধান্ত দিছে, এফালে পাৰিয়াল, এফালে পঞ্জাৱ, মই পঞ্জাৱকে বাচনি কৰিলো।’’
ইয়াৰ পিছতে ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে লোকসভাৰ সাংসদ হৈছিল ভগৱন্ত মান। এতিয়া তেওঁ পঞ্জাৱৰ ২৫ সংখ্যক মুখ্যমন্ত্ৰী। ইয়াৰ পিছতো পৰিয়ালৰ বিচ্ছেদৰ বেদনা এতিয়াও তেওঁৰ হৃদয়ত আছে। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ কৈছিল যে ৰাজনীতিৰ বাবেই মই মোৰ সন্তান আৰু পৰিয়াল হেৰুৱালোঁ। তেওঁলোক এতিয়া আমেৰিকাৰ নাগৰিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ