অসম লাইভ ২৪ঃ ৩১ মাৰ্চত পুনৰ ভাৰতলৈ অনা হ’ব ৩খন ৰাফেল যুদ্ধ বিমান। বুধবাৰে ফ্ৰান্সৰপৰা ভাৰত পাবহি এই অত্যাধুনিক যুদ্ধ বিমান। ফ্ৰান্সৰ পৰা ৭০০০ কিঃমিঃ অতিক্ৰম কৰি পোনে পোনে ভাৰতত অৱতৰণ কৰিব তিনিওখন বিমানে। আকাশমাৰ্গতে ৰাফেলত ইন্ধনৰ যোগান ধৰিব সংযুক্ত আৰৱ এমিৰেটচৰ বায়ু সেনাৰ এয়াৰ বাছ ৩৩০ মাল্টি-ৰোল ট্ৰান্সপোৰ্ট টেংকাৰে। হাৰিয়ানাৰ আম্বালাস্থিত ভাৰতীয় বায়ুসেনাৰ বিমান ঘাটিত উপস্থিত হোৱাৰ পিছত গ’ল্ডেন এৰ’জ স্কোৱাড্ৰ’নত অন্তৰ্ভুক্ত কৰা হ’ব ৰাফেল বিমানকেইখন। ৰাফেল বিমান ক্ৰয়েৰে বায়ু সেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিছে ভাৰতে। ভাৰতে ৰাফেলৰ দ্বিতীয়টো স্বয়ংসম্পূৰ্ণ স্কোৱাড্ৰ’ন দ্ৰুতগতিত গঠনৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এপ্ৰিলৰ ভিতৰত গঠন কৰা হ’ব এই স্কোৱাড্ৰ’ন। ইয়াৰ বাবে ভাৰতক প্ৰয়োজন নূন্যতম ১৮খন যুদ্ধ বিমানৰ, কিন্তু ৩খন ৰাফেল যোগ হ’লে ভাৰতৰ হাতত থাকিব মুঠ ১৪খন যুদ্ধ বিমান। অতিৰিক্ত বিমানকেইখন ফ্ৰান্সৰ পৰা অতিশীঘ্ৰে লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ভাৰতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ