এক অনন্য ৰূপত ৰণবীৰ কাপুৰ। টীজাৰ-ট্ৰেইলাৰ চায়েই ছবিখনৰ মুক্তিলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল অনুৰাগীয়ে। বিগত কিছুদিন মনোৰঞ্জন জগতত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল ‘এনিমেল’। এক প্ৰত্যাশিত আৰম্ভণি লাভ কৰিলে ৰণবীৰ কাপুৰ অভিনীত ছবি এনিমেলে। মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হয় ছবিখনে। ভংগ কৰে শ্বাহৰূখ খানৰ বহুল চৰ্চিত ছবি ‘পাঠান’ৰ অভিলেখ।
নিৰ্দেশক সন্দীপ ৰেড্ডী বাংগাৰ ছবি এনিমেল একপ্ৰকাৰ মুক্তিৰ পূৰ্বেই হিট হোৱা বুলি ক’ব পাৰি। ছবিখনে অগ্ৰীম বুকিঙৰ পৰাই লাভ কৰিছিল প্ৰায় ৩৪ কোটি টকা। শুকুৰবাৰে মুক্তিলাভ কৰাৰ লগে লগে ছবিগৃহত ভিৰ কৰে দৰ্শকে। মুক্তিৰ প্ৰথমদিনা ভাৰতত এনিমেলে সংগ্ৰহ কৰে প্ৰায় ৬৪ কোটি টকা। প্ৰকাশিত তথ্য অনুসৰি প্ৰথমদিনা এনিমেলৰ বিশ্বযুৰি সৰ্বমুঠ সংগ্ৰহ ১১৬ কোটি টকা। ছবিখনৰ হিন্দী সংস্কৰণে প্ৰথম দিনা ৫৪.৭৫ কোটি টকা উপাৰ্জন কৰাৰ উপৰিও দক্ষিণ ভাৰতীয় ভাষাৰ সংস্কৰণত লাভ কৰে ৯.০৫ কোটি টকা।
ইয়াৰ পূৰ্বে শ্বাহৰূখ খানৰ ছবি পাঠানে মুক্তিৰ প্ৰথম দিনা ভাৰতত সংগ্ৰহ কৰিছিল ৫৭ কোটি টকা। ৰণবীৰ কাপুৰৰ এনিমেলে ভংগ কৰিবলৈ সক্ষম হয় পাঠানৰ অভিলেখ। উল্লেখযোগ্য যে, কিং খানৰ অন্যতম সফল ছবি জৱানে এইক্ষেত্ৰত ৭৫ কোটি উপাৰ্জনৰে শীৰ্ষস্থান দখল কৰি আছে।
‘এনিমেল’ ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ সফল আৰম্ভণি দিয়া ছবি হিচাবে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে অভিনেতাগৰাকীৰ ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনে প্ৰথমদিনা লাভ কৰিছিল ৩৬ কোটি টকা।
সন্দীপ ৰেড্ডী বাংগাৰ নিৰ্দেশনাৰ এনিমেলৰ মুখ্য ভুমিকাত ৰণবীৰ কাপুৰৰ লগতে ৰশ্মিকা মান্দানা, অনিল কাপুৰ, ববী দেউল আৰু তৃপ্তি দিম্ৰীয়ে অভিনয় কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















