অসম লাইভ২৪ঃ বলীউডত আকৌ বিয়া। বিয়াত বহিবলৈ সাজু এইবাৰ বলীউড অভিনেতা ৰণদ্বীপ হুডা। পাত্ৰী আমাৰ নিচেই কাষৰ। বিগত এবছৰ ধৰি হিংসাজৰ্জৰ হৈ থকা মণিপুৰৰ কন্যা লিন লাইছৰামৰ সৈতে ৰণদ্বীপৰ বিয়া। লিন লাইছৰাম এগৰাকী মডেল তথা অভিনেত্ৰী। ভাইৰেল খবৰ অনুসৰি চলিত বছৰতেই ৰণদ্বীপ আৰু লিন বিবাহপাশত আৱদ্ধ হ’ব। নৱেম্বৰতেই বিবাহপাশত আৱদ্ধ হ’ব লীন আৰু ৰণদ্বীপ। কিন্তু মুম্বাইত নে মণিপুৰত আয়োজিত হ’ব দুয়োৰে বিবাহৰ অনুষ্ঠান?
বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি মুম্বাইৰ কোলাহলৰ পৰা আঁতৰত দুয়োৰে বিবাহৰ অনুষ্ঠান সম্পন্ন হ’ব। মীৰা নায়াৰ পৰিচালিত ছবি ‘মনছুন ৱেডিং’ ছবিৰ মাধ্যমেৰে ২০০১ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰণদ্বীপ হুডাই। প্ৰথম ছবিতেই তেওঁ দৰ্শকৰ প্ৰশংসা বুটলিবলৈকো সক্ষম হৈছিল। কামৰ প্ৰশংসা লাভ কৰিলেও দ্বিতীয় সুযোগ লাভ কৰিবলৈ তেওঁৰ যাত্ৰা সৰলো নাছিল। ৰণদ্বীপৰ বলীউডত দ্বিতীয়খন ছবি হৈছে ৰাম গোপাল বাৰ্মাৰ ‘ডি’। ২০১০ চনত মিলন লুথাৰিয়া পৰিচালিত ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ ছবিৰে আকৌ এবাৰ দৰ্শকৰ মন জয় কৰে ৰণদ্বীপে।
তাৰপিছতেই এখনৰ পাছত আনখন ছবি, ‘চাহেব, বি বি ঔৰ গেংষ্টাৰ, জন্নত-২, জিছম-২, হিৰোইন, মাৰ্ডাৰ-৩ৰ দৰে ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ইমতিয়াজ আলিৰ ‘হাইৱে’ ছবিখনেই ৰণদ্বীপক দৰ্শকৰ অতি চিনাকী মুখ কৰি তোলে। সেই ছবিত ৰণদ্বীপৰ বিপৰীতে আছিল আলিয়া ভাট্ট। ২০১৬ চনত উমংগ কুমাৰৰ ‘ছৰবজিৎ’ৰ দৰে হীট ছবিত কাম কৰাৰ সুযোগ লাভ কৰে ৰণদ্বীপে। পেছাগত জীৱনত সাফল্য আৰু জনপ্ৰীয়তা অৰ্জন কৰাৰ পাছতো ব্যক্তিগত জীৱনৰ চৰ্চা কিন্তু অন্যন্য বলীউড অভিনেতাৰ দৰে হোৱা নাছিল ৰণদ্বীপৰ।
এসময়ত ৰণদ্বীপ প্ৰাক্তন বিশ্বসুন্দৰী আৰু বলীউড অভিনেত্ৰী সুস্মিতা সেনৰ প্ৰেমত পৰিছিল। অৱশ্যে এই সম্পৰ্ক বেছিদিন নিটিকিল। দুবছৰ পূৰ্বে ৰণদ্বীপ আকৌ প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছে। এইবাৰ তেওঁৰ প্ৰেয়সী কিন্তু উত্তৰ পূবৰ মণিপুৰৰ। ২০২১ চনত লিনৰ জন্মদিনত তেওঁক সামাজিকমাধ্যমত শুভেচ্ছা জনোৱাৰ সময়ৰে পৰাই দুয়োৰে প্ৰেমৰ কথাবোৰ ৰাজহুৱা হৈছে। ৰণদ্বীপৰ জন্মদিনতো লীনে জনোৱা শুভেচ্ছা বাৰ্তাৰ চৰ্চা হৈছে। পৰস্পৰেই বহুসময়ত আকাৰে ইংগিতে প্ৰেমৰ কথাবোৰ প্ৰকাশ কৰি থকাৰ মাজতেই ভাইৰেল হৈছে বিয়াৰ খবৰ। মণিপুৰৰ সুন্দৰী তথা মডেল লীনে বলীউডত ভৰি থৈছে, ওম শান্তি ওম ছবিৰে। তাৰপিছতেই মেৰিকম, ৰংগুন, মটৰু কি বিজলি কা মণ্ডোলাৰ দৰে ছবিত অভিনয় কৰিছে লীনে। সম্প্ৰতি জানে জান ছবিত কৰিণা কাপূৰ খানৰ সৈতে অভিনয় কৰা দেখা গৈছে লীনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ