ৰাণাঘাটৰ ৰাণু মণ্ডলৰ সামাজিক মাধ্যমত চৰ্চাৰ অন্ত নাই৷ ৰাণাঘাটৰ ৰে’ল ষ্টেচনৰ পৰা গৈ বলিউদত হিমেশ ৰেশমিয়াৰ গানত কণ্ঠদান কৰি চেলেব্ৰিটি হোৱালৈকে ৰাণু মণ্ডল সামাজিক মাধ্যমৰ মধ্যমণিয়ে আছিল৷
ইমানেই নহয় ৰাণু মণ্ডলে নিজৰ সুকণ্ঠৰ বাবে দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমতো স্থান লাভ কৰিছিল৷ ৰাণাঘাটৰ ৰাণু মণ্ডলৰ বাসগৃহটো দেশৰ লাখ লাখ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল৷
ইয়াৰ পিছতে গাড্ডালিকা প্ৰৱাহত উটি ভাঁহি গৈ ৰাণু মণ্ডল সংগীত সাধনাৰ পিনে পিঠি দিবলৈ ধৰিলে৷ সামাজিক মাধ্যমত ৰাণু মণ্ডলৰ অহংকাৰী স্বভাৱো ভাইৰেল হৈ পৰিল৷ অহংকাৰে পুনৰ যেন পতন মাটিলে ৰাণু মণ্ডলৰ! ৰাণু মণ্ডলৰ কণ্ঠস্বৰৰ যাদু অচল হৈ পৰিল৷
লগতে পঢ়ক ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ
ইয়াৰ পিছতো ৰাণুৱে নিজৰ বিভিন্ন কাৰ্যকলাপৰ বাবে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি থাকে৷ সংবাদ মাধ্যমৰ লোকে ৰাণুৰ পিছ এৰিলেও ভিউৱাৰ্ছৰ লালসাত য়ুটিউবাৰসকলে ৰাণুক বিচাৰি তেওঁৰ ঘৰত ভিৰ কৰি থাকে৷ এই ধাৰা এতিয়াও অব্যাহত আছে৷
ঠিক তেনে এজন য়ুটিউবাৰে এইবাৰ ৰাণু মণ্ডলৰ এটা ইণ্টাৰভিউ ল’বলৈ গৈ অথন্তৰ ঘটালে৷ যাৰফলত ৰাণুৰ লগতে য়ুটিউবাৰজনো সামাজিক মাধ্যমত ট্ৰল খাইছে৷ এই য়ুটিউবাৰজনৰ নাম হ’ল জাষ্টিন ইমৰাণ৷ তেওঁ সাক্ষাৎকাৰ লৈ থাকোতে ৰাণু মণ্ডলে যুৱকজনক ‘‘মই তোমাক ভাল পাওঁ’’ বুলি কৈ দিয়ে৷
ইমানেই নহয়, যুৱকজনে ৰাণুৰ সৈতে বিবাহপাশতো আৱদ্ধ হয়৷ ৰাণু মণ্ডলৰ শিৰত সেন্দূৰ লগাই যুৱকজনে ৰাণু মণ্ডলক নিজৰ পত্নীৰ মৰ্যাদা প্ৰদান কৰে!
লগতে পঢ়ক জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ
কিন্তু ইয়াৰ পিছতে ঘটনাই নতুন মোৰ লয়৷ যুৱকজনে এই বিবাহক ‘ধেমালিৰে নিৰ্মাণ কৰা বুলি কৈ ভিডিঅ’টোক অন্য ধৰণে নল’বলৈ আহ্বান জনায়৷
এই আহ্বানৰ আচিলা লৈয়ে এতিয়া সামাজিক মাধ্যমত যুৱকজনক নেটিজেনসকলে ট্ৰল কৰিবলৈ ধৰিছে৷ নেটিজেনসকলৰ প্ৰশ্ন ৰাণু মণ্ডলক লৈ কিয় এই কৌতুক কৰিব? যুৱকজনে ৰাণু মণ্ডলক কিয় হাঁহিৰ খোৰাক ৰূপে ব্যৱহাৰ কৰিব? ৰাণু মণ্ডলক পতুলাৰ দৰে কিয় নচুৱাই থাকিব? নেটিজেনসকলে এই ধৰণৰ প্ৰশ্নৰে যুৱকজনক ট্ৰল কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ