সপ্তাহান্তত এগৰাকী ৰেপ সংগীতজ্ঞৰ মৃতদেহ সন্মুখত লৈ নৈশ পাৰ্টি উদযাপন কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
উল্লেখ্য যে ২৪ বছৰীয়া ৰেপাৰ গৌনিউ নামৰ শিল্পীজনক কিছুদিন পূৰ্বে কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷
শিল্পীগৰাকীৰ শৱ সৎকাৰ কৰাৰ পূৰ্বে তেওঁৰ অনুৰাগীসকলে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ ব্লীছ নাইটক্লাৱত ‘দ্য ফাইনেল শ্ব’ নামেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিল৷
লগতে পঢ়ক এইবাৰ এছিয়াত যুদ্ধৰ দামামা! পৰমাণু অস্ত্ৰেৰে আক্ৰমণ কৰিব উত্তৰ কোৰিয়াই!
ৰেপাৰ গৌনিউৰ সম্পূৰ্ণ সাজ পোছাক পৰিধান কৰোৱাই মৃতদেহটো মঞ্চৰ কেন্দ্ৰস্থলত ৰাখি অনুৰাগীসকলে গানৰ তালে তালে উদ্দাম নৃত্য কৰা দেখা গৈছে৷
এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এটা মৃতদেহক আগত লৈ এইদৰে ৰেপ সংগীতৰ তালে তালে উদ্দাম নৃত্য পৰিৱেশন কৰাটোক বিশ্বৰ সংবাদ মাধ্যমত যথেষ্ট বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
লগতে পঢ়ক মৌলিক সমস্যাৰপৰা পলায়ন শিক্ষামন্ত্ৰীৰ! মণিপুৰৰ শিশুটিৰ শিক্ষাৰ দায়িত্বহে গ্ৰহণ
অৱশ্যে অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক শেষ বিদায় জনাবলৈহে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি প্ৰকাশ কৰিছে৷
ইফালে পৰিয়ালৰ লোকে ধন লুটকাৰী ডকাইটে গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ কৰিছে৷ ৰেপাৰ গৌনিউৰ প্ৰকৃত নাম হৈছে মাৰ্কেলে মাৰ’উ৷ আৰক্ষীয়ে তেওঁৰ হত্যাকাৰীৰ সন্ধান দিয়া লোকক ২৫ হাজাৰ মাৰ্কিন ড’লাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ