১৬ আগষ্ট ২০২৫ শনিবাৰে পালিত হ’ব কৃষ্ণ জন্মাষ্টমী৷ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালিত হয় জন্মাষ্টমী৷ পুৰাণ অনুসৰি মথুৰাত কংসৰ কাৰাগাৰত এই দিনত জন্মগ্ৰহণ কৰে বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণই৷ জ্যোতিষ গণনা অনুসৰি এই বছৰ জন্মাষ্টমী তিথি বিষে৷ গুৰুত্বপূৰ্ণ হব৷ কাৰণ জন্মাষ্টমীত তিনি গ্ৰহৰ বিৰল সংযোগ হব৷
জন্মাষ্টমীত গ্ৰহৰ মহাসংযোগ
জন্মাষ্টমীত বক্ৰি চলন এৰি মাৰ্গী দশাত আহিব বুধ৷ এই দিনটোত কৰ্কট এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ইয়াৰ ফলত সিংহ ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি বক্ৰী চলন আৰম্ভ হব শনিৰ৷ বৃহস্পতি আৰু শুক্ৰই মীন ৰাশিত শুভ যোগ গঠন কৰিব৷ আকৌ ১৬ আগষ্টত ভৰণী, কৃত্তিকা আৰু ৰোহিনী নক্ষত্ৰৰ শুভ সংযোগ ঘটিব৷ ইয়াৰোপৰি জন্মাষ্টমীত বৃদ্ধি যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু জ্বালামুখী যোগৰ দৰে একাধিক শুভ যোগ গঠিত হব৷ গ্ৰহ নক্ষত্ৰৰ এই বিশেষ অৱস্থানৰ প্ৰভাৱত জন্মাষ্টমীত বিশেষভাৱে লাভৱান হব তিনি ৰাশিৰ জাতক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে জন্মাষ্টমী তিথি অত্যন্ত লাভজনক হব৷ এই সময়ত গ্ৰহ নক্ষত্ৰৰ শুভ অৱস্থানৰ প্ৰভাৱত ৰৈ থকা সমস্ত কাম আপুনি সম্পন্ন কৰিব পাৰিব৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ বিবাহৰ কথা পাক্কা হব পাৰে৷ অতিৰিক্ত কিছু অৰ্থ লাভ কৰিব৷
মিথুন ৰাশি
জন্মাষ্টমীত তিনি গ্ৰহৰ বিৰল মহাসংযোগৰ ফলত চকুত লগা উন্নতি কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি কেৰিয়াৰত ভাল সাফল্য পাব৷ অংশীদাৰীৰ ব্যৱসায়ত লাভজনক চুক্তি স্বাক্ষৰ কৰিব পাৰে৷ ব্যৱসায়ত বৃহৎ মুনাফা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷
সিংহ ৰাশি
জন্মাষ্টমীত তিনি গ্ৰহৰ শুভ যোগ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত হঠাৎ প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহিব পাৰে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ অফিচত আপোনাৰ অৱস্থান মজবুত হব৷ ব্যৱসায়ত লাভ পাব৷ প্ৰেম জীৱন ভালে থাকিব৷ সন্তান লাভৰ ইচ্ছা পূৰণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















