শীঘ্ৰেই বজাৰলৈ আহি আছে নতুন ১০০ আৰু ২০০ টকাৰ নোট। এই ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। মঙলবাৰে দেশৰ শীৰ্ষ বেংকে জনাইছে যে নতুন গভৰ্নৰ সঞ্জয় মালহোত্ৰাৰ ছহীযুক্ত নতুন নোটসমূহক শীঘ্ৰেই বজাৰলৈ অনা হব। নোটৰ ডিজাইন আৰু আকাৰত কোনো পৰিবৰ্তন অৱশ্যে নহয়।
সকলোৱে নিশ্চয়কৈ ভাৱিছে যে নতুন নোট প্ৰকাশৰ পাছত পুৰণি ১০০ আৰু ২০০ টকাৰ নোট বন্ধ হৈ যাব। ৰিজাৰ্ভ বেংকে স্পষ্টভাৱে জনাইছে যে বজাৰত যি নোট চলি আছে সেইসমূহ পূৰ্বৰ দৰেই বাহাল থাকিব। নতুন ১০০ আৰু ২০০ টকাৰ নোট অহাৰ পাছত পুৰণি নোটসমূহ বাতিল কৰা নহয়। যিকোনো বেংক বা এটিএমৰ পৰাই নতুন নোট হাতত পাব গ্ৰাহকে।
ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি দেশত ২০১৭ চনৰ মাৰ্চ মাহত নগদৰ সংখ্যা আছিল ১৩. ৩৫ লাখ কোটি টকা আৰু ২০২৪ চনৰ মাৰ্চত সেয়া বাঢ়ি হৈছে ৩৫.১৫ লাখ কোটি টকা। ইয়াৰ সৈতে ইউপিআইৰ মাধ্যমেৰে ডিজিটেল লেনদেনো দেশত বাঢ়িছে। বিগত ১১ ডিচেম্বৰত আৰ বি আইৰ গভৰ্নৰৰ দায়িত্ব লৈছে সঞ্জয় মালহোত্ৰাই। প্ৰাক্তন গভৰ্নৰ শক্তিকান্ত দাসৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই তেওঁ দায়িত্বভাৰ কান্ধত লৈছে। দেশৰ শীৰ্ষ বেংকত যেতিয়া কোনো নতুন গভৰ্নৰ নিযুক্ত হয় তেতিয়া তেঁওৰ স্বাক্ষৰ যুক্ত নোট বজাৰলৈ আহে। সেই নিয়ম মানি সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ যুক্ত নতুন নোট আনিছে আৰ বি আইয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ