ধৰা হ’ল অৱসৰ বিনোদনৰ বাবে আপুনি মনৰ মানুহৰ সৈতে একেলগে আছে৷ সেই ঘৰত আন কোনো নাই৷ এজনে আনজনক লৈয়েই ব্যস্ত আছে৷ স্বাভাৱিকভাৱেই নাৰী পুৰুষৰ মাজত তেতিয়া শাৰীৰিক চাহিদাৰ কথা থাকিব৷ কিন্তু এজন পুৰুষসংগীয়ে এগৰাকী নাৰীৰ পৰা কেৱল শাৰীৰিক চাহিদাই বিচাৰেনে? নে এগৰাকী নাৰীৰ পৰা অইন কিছু আশা ৰাখে?
বিশেষজ্ঞৰ মত, এজন পুৰুষে তেওঁৰ পত্নী বা প্ৰেয়সীৰ পৰা কেৱল যৌনতাই নিবিচাৰে৷ ইয়াৰোপৰি অন্য বহু আশা ৰাখে৷ জানি থওক এজন পুৰুষ সংগীয়ে কি কি আশা কৰে নাৰী সংগীৰ পৰা?
১) প্ৰশংসা কোনে পছন্দ নকৰে৷ সকলোৱে প্ৰশংসা ভালপায়৷ পুৰুষো ব্যতিক্ৰম নহয়৷ পুৰুষেও প্ৰশংসা ভালপায়৷ সেয়ে শাৰীৰিক সম্পৰ্কতকৈ এজন পুৰুষ প্ৰশংসাত বেছি সুখী হয়৷
২) সংগী একোজন একেবাৰে কাষৰ মানুহ৷ সেয়ে সংগীৰ কাষত যি মন যায় আচৰণ কৰিব পাৰিব৷ প্ৰত্যেক সম্পৰ্কৰ মূল ভিত্তিয়েই কিন্তু সন্মান৷ পুৰুষসংগীয়েও তেওঁৰ নাৰী সংগীৰ পৰা সন্মান বিচাৰে৷ সন্মানে পজিটিভ এনাৰ্জি বৃদ্ধিত সহায় কৰে৷
৩) দাম্পত্য জীৱনেই হওক বা প্ৰেমৰ সম্পৰ্কই হওক৷ কাজিয়া সকলোতেই থাকে৷ বহুতেই কয় দ্বন্দই সম্পৰ্ক আৰু অধিক শক্তিশালী কৰে৷ কিন্তু অতিৰিক্ত একোৱেই ভাল নহয়৷ মনত ৰাখিব অত্যধিক দ্বন্দই সম্পৰ্ক নষ্ট কৰে৷ সেয়ে কোনো জটিলতা আহিলে বুজাবুজিৰে সমস্যাৰ সমাধানৰ যত্ন কৰক৷ তেতিয়া সম্পৰ্কও সহজ মধুৰ হৈ থাকিব৷
৪) স্বামী বা প্ৰেমিকক পায় আপুনি গৰ্বিত সেই কথা মুখ খুলি তেওঁক জনাওক৷ দেখিব সংগী ভীষণ সুখী হ’বই৷ সম্পৰ্কও উষ্ণতাও স্বাভাৱিকভাৱে বৃদ্ধি পাব৷
৫) সংগী মানেই সুখ দুখৰ সংগী৷ দুয়োৰেই কিছু ভুল শুদ্ধ দুয়োৱে জানে৷ সেয়ে কিবা ভুল যেন দেখিলে ভুল স্বীকাৰ কৰক৷ প্ৰয়োজনত আপোনাক বুজাৰ বাবে ধন্যবাদ দিয়ক৷ তেতিয়া সম্পৰ্কই অন্য মাত্ৰা পাব তাত কোনো সন্দেহ নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















