অসম লাইভ ২৪ঃ ওপজা দিনত সশ্ৰদ্ধ স্মৰণ অসমীয়াৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকাক৷ শিল্পীজনাৰ আজি ৯৫ সংখ্যক জন্মদিন৷ বহু কালজয়ী গীতেৰে অসমীয়া সংস্কৃতিক চহকী কৰা অসমৰ পুৰুধা ব্যক্তিগৰাকীয়ে ব্যতিক্ৰমী ধাৰাৰে সমগ্ৰ দেশত এক সুকীয়া পৰিচয় দাঙি ধৰিছিল শিল্পীগৰাকীয়ে৷ ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ভূপেন হাজৰিকাই৷ সৰুৰে পৰাই সাংস্কৃতিক জগতৰ সৈতে জড়িত আছিল ড০ ভূপেন হাজৰিকা৷ সৰুতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰি নিজৰ সুৰীয়া যাত্ৰা আগবঢ়াই লৈ গৈছিল ভূপেন হাজৰিকাই৷ অসমীয়া ভাষাৰ উপৰিও হিন্দী, বাংলা আদি ভাষাতো গীত ৰচনা কৰিছিল৷ কেৱৰ কণ্ঠশিল্পী হিচাপেই নহয় সুৰকাৰ আৰু গীতিকাৰ হিচাপেও সমগ্ৰ বিশ্বতেই এক সুকীয়া পৰিচয় গঢ়ি থৈ গৈছে শিল্পীগৰাকীয়ে৷ তেওঁৰ গীতে আকৰ্ষণ কৰিছিল প্ৰতিটো প্ৰজন্মৰ শ্ৰোতাক, কেঁচা মাটিৰ গোন্ধ আছিল প্ৰতিটো গীতত৷ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী, পদ্মভূষণ, সাহিত্য অকাডেমী, সাহিত্যচাৰ্য, অসমৰত্ন আৰু পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল৷ ২০১৯ চনত মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত হয় শিল্পীগৰাকী৷ তেওঁৰ ৯৫ সংখ্যক জন্মজয়ন্তীত ৰাজ্যজুৰি গীত-মাতেৰে সোঁৱৰণ কৰা হৈছে শিল্পীগৰাকীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ