অসম লাইভ ২৪ঃ সোমবাৰে দ্বিতীয় দিনৰ বাবে ইডিৰ কার্যালয়ত উপস্থিত অভিনেত্ৰী ৰিয়া চক্ৰৱর্তী। শুকুৰবাৰে ইডিৰ ৯ ঘণ্টীয়া জেৰাৰ পাছত সোমবাৰে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱর্তী আৰু পিতৃ-মাতৃৰ সৈতে পুৱাই উপস্থিত হ’ল ইডিৰ কার্যালয়ত। শনিবাৰে ৰিয়াৰ ভাতৃ সৌভিকক ইডিয়ে ১৮ ঘণ্টা ধৰি জেৰা চলায়। ইডিৰ প্ৰশ্নৰ ওপৰত প্ৰশ্ন ৰিয়াক। কিন্তু ৰিয়া নীৰৱ। সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা টকা সৰকোৱাকে ধৰি একাধিক অভিযোগত ৰিয়াসহ ৬ জনৰ বিৰুদ্ধে FIR দাখিল কৰিছিল সুশান্তৰ পিতৃয়ে। ইডিয়ে প্ৰথমতে সুশান্তৰ একাউণ্টৰ ধন সৰকোৱাৰ অভিযোগত জেৰা চলাই ৰিয়াৰ লগতে সৌভিকক। ইয়াৰ উপৰিও ৰিয়া-সুশান্তৰ মেনেজাৰ শ্ৰুতি মোদী, ৰিয়াৰ পিতৃ, পৰিয়ালৰ চাৰ্টাৰ্ড একাউণ্টেটকো জেৰা কৰিছিল ইডিয়ে। ব্যক্তিগত আৰু ব্যৱসায় সম্বন্ধত বহু প্ৰশ্ন কৰিছিল ৰিয়াক ইডিয়ে। ব্যক্তিগতভাৱে সুশান্তৰ পৰা কি কি আর্থিক সুবিধা লৈছিল ৰিয়াই? ১৪ লাখ টকা আয়েৰে কেনেকৈ মুম্বাইত দুটা বিলাসবহুল ফ্লেটৰ স্বত্বাধিকাৰী হৈছিল ৰিয়া? একেলগে আৰম্ভ কৰা ৩ টা ব্যৱসায়ত প্ৰতিটোতে কিয় কেৱল সুশান্তৰ শ্বেয়াৰ আছিল? সুশান্তৰ বিজনেচ পার্টনাৰ হিচাপে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱর্তীৰ নিয়োগ সম্বন্ধত প্ৰশ্ন কৰিছিল ইডিয়ে। আজি সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পৃথানীও EDৰ কাৰ্যালয়ত উপস্থিত হয়। শুকুৰবাৰে সিদ্ধাৰ্থ পৃথানীক EDৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু সিদ্ধাৰ্থ হায়দৰাবাদত থকাৰ বাবে শুকুৰবাৰে উপস্থিত হ’ব পৰা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ