অসম লাইভ২৪ঃ G-20 বৈঠক উপলক্ষ্যে ভাৰতলৈ আহিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে। শুকুৰবাৰে ভাৰতত উপস্থিত হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছুনাকে দেওবাৰে পুৱাই দিল্লীস্থিত অক্ষৰধাম মন্দিৰ দৰ্শনৰ বাবে গৈছে। ভাৰতীয় বংশোদ্ভূতৰ ঋষি ছুনাকে পত্নীসহ উপস্থিত হৈছে অক্ষৰধাম মন্দিৰত।
ছুনাকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছতেই ব্ৰিটেইনতো হিন্দু ধৰ্মৰ প্রসাৰ বৃদ্ধি পাইছে। ছুনাকে নিজাববীয়াকৈ বিগত বৰ্ষত দীপাৱলীৰো আয়োজন কৰিছিল। নিজকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে চিনাকী দিয়াৰ ওপৰিও এগৰাকী গৰ্বিত হিন্দু বুলিও পৰিচয় দিয়ে ছুনাকে। হিন্দু ৰীতি-নীতি, সংস্কৃতি আৰু ধৰ্মীয় আচাৰত তেওঁ বিশ্বাস ৰাখে। ব্ৰিটেইনৰ একাধিক ধৰ্মীয় অনুষ্ঠানতো তেঁও অংশগ্ৰহণ কৰি আহিছে। জন্মাষ্টমীও পালন কৰে। কিন্তু এইবাৰ জন্মাষ্টমীৰ সময়তে তেওঁ ভাৰতলৈ আহিবলগা হোৱাত জন্মাষ্টমী পালন কৰিব নোৱাৰিলে। শুকুৰবাৰে দুপৰীয়া ঋষি ছুনাকে ভাৰতত ভৰি দিয়েই কয়, ‘মই এগৰাকী গৰ্বিত হিন্দু। হিন্দু হিচাপে মই জন্ম হৈছো। ভাৰতলৈ আহিছো যেতিয়া কোনো মন্দিৰত দৰ্শন কৰাৰ ইচ্ছা আছে। ৰাখীবন্ধনৰ উৎসৱ পালন কৰিলো যদিও জন্মাষ্টমী এইবাৰ পালন কৰিব নোৱাৰিলো।’
শুকুৰবাৰে দিনৰ ২ বাজি ১৫ মিনিটত দিল্লীত সপত্নীক উপস্থিত হৈছিল ঋষি ছুনাক। পত্নী অক্ষতা মূৰ্তিক লৈ হাজিৰ হোৱা প্ৰধানমন্ত্ৰী ছুনাকে G-20ৰ সন্মিলনত অংশ লোৱাৰ উপৰিও নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌৱে তেওঁক স্বাগতম জনায়। তেঁও ভাষণৰ আৰম্ভণিতেই ‘জয় শ্ৰী ৰাম’ ধ্বনিও দিয়ে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা তেওঁৰ পত্নীক উপহাৰ হিচাপে এডাল ৰুদ্ৰাক্ষৰ মালা এখন ভাগৱত গীতা আৰু হনুমান চালিছা উপহাৰত আগবঢ়াই। শনিবাৰে ঋষি ছুনাকৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ অন্তত এক্স হেণ্ডেলত সমূহ তথ্য তুলি ধৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুজনৰ আলিংগনৰ ফটোও শ্বেয়াৰ কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। হিন্দুত্বৰ প্ৰসংগত ঋষি ছুনাকে কয়, ‘মই ভাৱো বিশ্বাস এনে এক বিষয় যিয়ে সকলোকে বাছি থকাত সহায়ে কৰে। বিশেষকৈ আপুনি যদি সমস্যাৰে জৰ্জৰিত হৈ থাকে তেন্তে ঈশ্বৰ বিশ্বাসে আপোনাক শক্তি যোগাই। চাপমুক্ত হৈ কাম কৰাৰ প্ৰেৰণা দিয়ে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ