অসম লাইভ২৪ঃ জাৱানে যেন প্ৰতিটো বলতেই ছিক্স কোবাইছে৷ মুক্তিলাভ কৰাৰ পাছৰে পৰাই ছবিখনক লৈ দৰ্শকৰ বিপুল উছাহ দেখা গৈছে৷ শ্বাহৰুখৰ মেজিক আকৌ এবাৰ দেখিছে দেশবাসীয়ে৷ প্ৰথমদিনাই ছবিখনে বক্স অফিচয় আয় কৰিছে ৭৫ কোটি৷ মাত্ৰ তিনিদিনতেই বিশ্বজুৰি জাৱানে আয় কৰিছে ৩৫০ কোটি৷ দুদিনত শ্বাহৰুখ অভিনীত ছবিখনে আয় কৰিছিল ২৪০ কোটি৷ দুদিনত সৰ্বাধিত আয় কৰা ছবি আদিপুৰুষৰ ৰেকৰ্ড ভাঙিছে জাৱানে৷ প্রভাছ অভিনীত আদিপুৰুষে দুদিনত আয় কৰিছিল ২৪০ কোটি৷ কিন্তু প্ৰথম দুদিনৰ দৰে তৃতীয় দিনা আয় কৰিব নোৱাৰিলে আদিপুৰুষে৷ সদ্য মুক্তিপ্ৰাপ্ত জাৱানে আদিপুৰুষৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে৷
প্রভাছ আৰু শ্বাহৰুখৰ মাজত তুলনা কৰা এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ জাৱানে তিনিদিনত বিশ্বজুৰি আয় কৰিছে ৩৫০ কোটি আনহাতে প্রভাছ অভিনীত আদিপুৰুষে ৩ দিনত বিশ্বজুৰি আয় কৰিছিল ৩৪০ কোটি৷ তৃতীয়টো দিনত ভাৰতত সৰ্বাধিক আয় কৰিছে জাৱানে৷ ভাৰতত তৃতীয় দিনত বিক্ৰি হৈছে ২৭,৫১,৫৮১ টিকট৷ জাৱানৰ হিন্দী ভাৰ্ছনত ৭৩.৭৬কোটি, তামিল ভাৰ্ছনত ৫.৩৮ কোটি আৰু তেলেগু ভাৰ্ছনত ৩.৭৮ কোটি টকা আয় কৰিছে৷ অৰ্থাৎ তৃতীয় দিনত মুঠ ৮২.৮৪ কোটি টকা আয় কৰিছে জাৱানে৷
উল্লেখ্য যে ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জাৱানে৷ এই ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খানে৷ প্ৰধান নাৰী চৰিত্ৰত আছে নয়নতৰা৷ খলনায়কৰ ভূমিকাত দেখা গৈছে বিজয় সেতুুপতিক৷ ইয়াৰোপৰি অন্যান্য চৰিত্ৰত আছে কেনী বসুমতাৰী, ছানিয়া মলহোত্ৰা, সুনীল গ্ৰোভাৰকে ধৰি কেইবাজনো অভিনেতা৷ দীপিকা পাডুকন আৰু সঞ্জয় দত্তক ছবিখনত কেমিঅ’ ৰুলত দেখা গৈছে৷ এটলী পৰিচালিত ছবিখনে এতিয়া দেশজুৰি চৰ্চিত ছবি হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ