অন্তিমখেলত স্থান পালে ৰিয়ানে, কৰিব পাৰিব নে চমৎকাৰ
আজি ১৪ জুলাই তাৰিখে ভাৰত বনাম জিম্বাবুৱে চিৰিজৰ অন্তিমখল খেল। ইতিমধ্যে ভাৰতে দখল কৰিছে এই চিৰিজ। আজি কেৱল আনিষ্ঠানিকতাৰ বাবে খেলপথাৰত নামিব দুয়ো দল। আজিৰ অন্তিমখন খেলত স্থান পাইছে অসমৰ ৰিয়ানে।
ইয়াৰ পূৰ্বৰ খেল খনত স্থান পোৱা নাছিল ৰিয়ান পৰাগে। আজি ৰুতুৰাজ গাইকোৱাডৰ সলনি দলত স্থান পাইছে ৰিয়ানে। আজি সফল হব পাৰিব নে ৰিয়ানে। ইয়াৰ পূৰ্বে বিফল হৈছে ৰিয়ান।
৪.৩০ বজাৰ পৰা আৰম্ভ খেল। খেল খনত টছত জয়ী হৈ ভাৰতৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত জিম্বাবুৱে দলৰ। যাৰ বাবে এতিয়া প্ৰথমে বেট ধৰিব ভাৰতীয় দলে।
আজি খেল পথাৰত নামিব লগা ভাৰতীয় দলটোত আছে শুভমান গিল, যশস্বী জয়ছৱাল, অভিষেক শৰ্মা, সঞ্জু চেমচন, ৰিয়ান পৰাগ, ৰিংকু সিং, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, তুষাৰ দেশপাণ্ডে, মুকেশ কুমাৰ।
আনহাতে জিম্বাবুৱে দলৰ হৈ থাকিব- ৱেছলি মাধেভেৰ, তাদিৱানাশ্বে মাৰুমানি, ব্রায়ান বেনেট, ডিয়ন মায়াৰ্ছ, চিকন্দৰ ৰাজা(গ), জনথান কেম্পবেল, ফৰাজ আক্ৰাম, ক্লাইভ মাডাণ্ডে(w), ব্ৰেণ্ডন মাভুটা, ৰিচাৰ্ড গাৰাভা, ব্লেছিং মুজাৰাবানি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















