আগন্তুক ৫বছৰত ৰাছিয়াত দেখা দিব বিপুল কৰ্মীসংকটে৷ সেই পূৰ্বাভাস দিছে ৰাছিয়াৰ শ্ৰম মন্ত্রণালয়ে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ক্ৰমাগত যুদ্ধৰ ফলত ভ্লাডিমিৰ পুটিনৰ দেশত কমিছে দক্ষ কৰ্মী৷ ২০৩০ চনৰ ভিতৰত প্ৰায় ৩১ লাখ দক্ষ অদক্ষ কৰ্মীৰ প্ৰয়োজন হ’ব ৰাছিয়াত৷ ভৱিষ্যতৰ কৰ্মীসংকটৰ মোকাবিলাত মস্কোৰ ভৰসাস্থল হৈ উঠিব নতুন দিল্লী৷
ৰাছিয়াৰ বিভিন্ন প্ৰযুক্তি আৰু বৈদ্যুতিন সংস্থাসমূহত কৰ্মীৰ ঘাটি দূৰ কৰিবলৈ ভাৰতীয় কৰ্মী নিয়োগৰ দিশত আগুৱাইছে ৰাছিয়া বুলি এক সূত্ৰই প্ৰকাশ কৰিছে তথ্য৷ ৰাছিয়াত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে সংবাদসংস্থা টাছৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘বৃহত্তৰ স্তৰত ৰাছিয়াত কৰ্মচাৰীৰ চাহিদা আছে৷ ভাৰতত দক্ষ কৰ্মীৰ অভাৱ নাই৷ নিয়মকানুন, আইন আৰু সংৰক্ষিত কাঠামো মানি ৰাছিয়াই ভাৰতীয়ক নিয়োগ কৰাৰ ক্ষেত্ৰত আগ্ৰহ দেখুৱাবলৈ আৰম্ভ কৰিছে৷’
ইতিমধ্যেই মস্কো-নতুনদিল্লীৰ এখন চুক্তি হৈছে৷ চলিত বছৰতেই প্ৰায় ১০ লাখ ভাৰতীয়ক পূৰ্ব ইউৰোপৰ দেশত কামত লগোৱা হব বুলি জনা গৈছে৷ ৰুছ গণমাধ্যমৰ প্ৰতিবেদন অনুসৰি মূলত নিৰ্মাণ আৰু বস্ত্ৰশিল্পৰ শ্ৰমিক হিচাপে তেওঁক কামত লগোৱাৰ পৰিকল্পনা আছে পুটিন প্ৰশাসনৰ৷ অদক্ষ কৰ্মী নিয়োগ অবিহনেও বিভিন্ন উচ্চপদ নিয়োগৰ বাবে ভাৰতীয়সকলক পছন্দ কৰিছে ৰুছ সংস্থাসমূহে৷
এই প্ৰসংগত উৰাল চেম্বাৰ অফ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ প্ৰধান আন্দ্ৰে বেছেদিনে সংবাদসংস্থা পি টি আইক জনাইছে, ‘২০২৫ চনৰ শেষৰভাগত ভাৰতৰ পৰা ১০ লাখ কৰ্মী ৰাছিয়ালৈ অনা হব৷ তেওঁলোকৰ মাজত থাকিব কেইবাগৰাকী বিশেষজ্ঞ দলো৷ ইয়াৰ মাজত ছাভেৰদলোভস্ক অঞ্চলো অন্তৰ্ভুক্ত৷ ইয়েকাটেৰিনবাৰ্গৰ ৰাজধানী ছভেৰদলোভস্ক অঞ্চলটো উৰাল পৰ্বতমালাৰ পাদদেশত অৱস্থিত৷ বিভিন্ন শিল্প আৰু সামৰিক শিল্পৰ মেৰুদণ্ড হিচাপে বিবেচিত হয় এই অঞ্চলটো৷’
ৰাছিয়াৰ কৰ্মসংস্থানৰ বাবে ভাৰতীয়সকলৰ আগমনৰ সৈতে দূতাবাসৰ পৰিসেৱাৰ চাপ ক্ৰমবৰ্ধমান৷ সেই কামৰ চাপেই ইংগিত কৰি ভাৰতীয় দূত কুমাৰে জনায় যে ভাৰতৰ পৰা কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ পোনতে নতুন দূতাবাস খোলা হব৷ পাছপৰ্টৰ ম্যাদ বঢ়োৱাৰ বাবে জন্ম প্ৰমাণপত্ৰ পৰীক্ষণ বা নথি হেৰালে সেয়া পুনৰ যোগান ধৰা আদিৰ বাবে দূতাবাসৰ প্ৰয়োজন হব৷ ৰাছিয়াত কাম কৰিবলৈ অহা কৰ্মী বাঢ়িলে চাপ পৰিব দূতাবাসৰ ওপৰতো৷ সেয়ে নতুন দূতাবাসৰো প্ৰয়োজন হব৷
সেই কৰ্মীসকলৰ ভিছা সংক্ৰান্তিয় চাপ সম্ভালিবলৈ ছভেৰদলোভস্কেৰ ৰাজধানী ইয়েকাটেৰিনবাৰ্গত এখন নতুন দূতাবাস খোলাৰ পৰিকল্পনা আছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে৷ ভাৰতীয় শ্ৰমিকসকলৰ সুবিধাৰ কথা মূৰত ৰাখি মস্কোৰ সৈতে নতুন দিল্লীৰ আলাপ আলোচনা চলি আছে৷
অৱজাৰভাৰ ৰিচাৰ্ছ ফাউণ্ডেছন কৰ্তৃক এক সমীক্ষাৰ তথ্যই কৈছে, ৰাছিয়াত ভাৰতীয় কৰ্মীৰ সংখ্যা নাটকীয়ভাৱে বৃদ্ধি পাইছে৷ য’ত ২০২১ চনত ৫ হাজাৰ ৪৮০ জন ভাৰতীয়ই ৱাৰ্ক পাৰমিট পাইছিল তাতেই ২০২৪ চনত এই সংখ্যা বাঢ়ি ৩৬ হাজাৰ ২০৮ হৈছে৷ অৰ্থাৎ প্ৰায় ৫ গুণ৷ এই তথ্যই ৰাছিয়াৰ অৰ্থনীতিত ভাৰতীয় জনশক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বক তুলি ধৰিছে৷ বিশেষকৈ এই পৰিস্থিতি যেতিয়া পুটিনৰ দেশ কৰ্মীঘাটিৰ সৈতে যুদ্ধ কৰিছে৷
বিগত চাৰে তিনি বছৰ ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ কৰাৰ ফলত প্ৰচুৰ ক্ষয়ক্ষতিও হৈছে ৰাছিয়াৰ৷ ৰাছিয়াত কমিছে কৰ্মক্ষম লোকৰ সংখ্যা৷ ২০২৫ চনৰ জুনৰ আৰম্ভণিতে প্ৰকাশিত এক সমীক্ষা অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ যেতিয়া পূণ্যৰ্দমে চলি আছিল তেতিয়া বিপক্ষৰ আক্ৰমণত প্ৰায় ১০ লাখ ৰুছ সৈন্য ইতিমধ্যেই নিহত বা আহত হৈছে৷ ছেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্ব্যনেল ষ্টাডিজেও পূৰ্বাভাস দিছিল যে প্ৰায় ১০ লাখ ৰুছ এই যুদ্ধৰ বলি হব৷
আন্তৰ্জাতিক সম্পৰ্ক বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰা অনুসৰি নতুন দিল্লীৰ ওচৰত সুযোগ আহিছে, এতিয়া সেই সুযোগক কামত লগোৱা উচিত৷ কাৰণ শুল্কযুদ্ধৰ বাবে আমেৰিকাৰ ক্ৰমাগত ভাৰত বিৰোধী অৱস্থানৰ কাৰণে দুই দেশৰ সম্পৰ্কত ফাঁট মেলাৰ প্ৰৱল আশংকা আছে৷ তাৰ প্ৰভাৱ আমেৰিকাত কৰ্মৰত ভাৰতীয়ৰ ওপৰত পৰিব৷ ছিলিকন ভেলিত প্ৰৱেশৰ বাবে সেয়ে ভাৰতীয়ৰ বাবে এয়াই সুযোগ৷ প্ৰতিভাৱান ভাৰতীয় তথ্যপ্ৰযুক্তি কৰ্মীসকলক উচিত মূল্য দিবলৈ এতিয়া ৰাজি নহয় ট্ৰাম্প চৰকাৰ৷ আমেৰিকাৰ ধমকি অগ্ৰাহ্য কৰি ৰাছিয়াৰ হাত ধৰাৰ বাবে বিভিন্ন দিশৰ পৰা নতুন দিল্লীক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভও কৰিছে ট্ৰাম্প চৰকাৰে৷ অসুবিধাৰ সন্মুখীন হব পাৰে তাত থকা ভাৰতীয় লোকো৷ সেয়ে প্ৰৱাসী ভাৰতীয়ক লৈ চিন্তা কৰাৰো সময় আহি পৰিছে নতুন দিল্লীৰ৷
প্ৰৱাসী ভাৰতীয় কৰ্মীসকলৰ পৰা ভাৰতেও প্ৰচুৰ পৰিমাণে ৰোজগাৰ কৰে৷ ভাৰতীয়সকলে স্বদেশলৈ ধন পঠিওৱাৰ ওপৰত ৰেমিটেন্স এক শতাংশ কৰ আৰোপ কৰিছে প্ৰেছিডেণ্ট ট্ৰাম্পে৷ ভৱিষ্যতে এই কৰৰ পৰিমাণ আৰু বঢ়াব পাৰে ট্ৰাম্পে৷ ইয়াৰ সৈতে জাৰি কৰা হৈছে ভিছাৰ ওপৰতো বহু নিষেধাজ্ঞা৷ ফলত অদূৰ ভৱিষ্যতে আমেৰিকাত চাকৰি কৰি ডলাৰ উপাৰ্জনৰ ক্ষেত্ৰত চাপ আহিব পাৰে ভাৰতীয়ৰ ওপৰত৷
উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ চনত আৰু এক বন্ধুৰাষ্ট্ৰ ইজৰাইলৰ অনুৰোধত ১০ হাজাৰ কৰ্মী পঠিয়াইছিল ভাৰতে৷ পৰিকাঠামো আৰু স্বাস্থ্যবিভাগত তেওঁলোকৰ কৰ্মী সংকটে দেখা দিছিল৷ কাৰণ একেটাই যুদ্ধ৷ পৰিকাঠামো আৰু স্বাস্থ্যসেৱা উন্নতিৰ বাবে নিৰ্মাণকৰ্মী আৰু স্বাস্থ্যকৰ্মী হিচাপে কাম কৰিলে মুঠ ১৫ হাজাৰ ভাৰতীয়ক নিজ দেশত স্থান দিছে বেঞ্জামিন নেতানিয়াহু চৰকাৰে৷
বিদেশী কৰ্মীসকলৰ বাবে ৰাছিয়াইয়ো সহজ ভিছাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে৷ ভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ বাবে আছে বিভিন্ন ভিছা৷ স্বল্পম্যাদি কামৰ বাবে একক প্ৰৱেশ ভিছা, দীৰ্ঘম্যাদি কামৰ বাবে বহুমুখী প্ৰৱেশ ভিছা আৰু উচ্চ যোগ্যতাসম্পন্ন পেছাদাৰ আৰু বিশেষজ্ঞসকলৰ বাবে পৃথক বিশেষ এক ভিছা দিব পুটিন চৰকাৰে৷ কোনো ভাৰতীয়ই যদি ৰাছিয়াৰ মাটিত নিজস্ব ব্যৱসায় কৰিব খোজে তেন্তে তেওঁলোকৰ বাবেও মস্কোৱে ৱাৰ্ক পেটেণ্টৰ বন্দোবস্ত কৰিছে৷
আবেদনৰ ৫ৰ পৰা ৩০ দিনৰ ভিতৰত ভিছা পোৱা যাব৷ আবেদনকাৰীয়ে এখন ফৰ্ম, বৈধ পাছপোৰ্ট, পাছপোৰ্ট আকাৰৰ ছবি, সংস্থাৰ অফাৰ লেটাৰ, এখন মেডিকেল চাৰ্টিফিকেট, যোগ্যতাৰ প্ৰমাণ আৰু প্ৰয়োজনত এখন চুক্তি ফৰ্মো জমা দিব লাগিব৷ কোনোৱে বিচাৰিলে অত্যধিক মূল্য দি দ্ৰুত পৰিসেৱা লব পাৰে৷
বৰ্তমান ৰাছিয়াত প্ৰায় ১৪ হাজাৰ ভাৰতীয়ই বাস কৰে৷ প্ৰায় ৪৫০০ ভাৰতীয় শিক্ষাৰ্থীয়ে চিকিৎসা আৰু প্ৰযুক্তিগত কৰ্চত পঢ়াশুনা কৰিছে৷ ইয়াৰে ৯০শতাংশ ভাৰতীয়ই চিকিৎসা বিভাগত বিশ্ববিদ্যালয়ত ভৰ্তি হৈছে৷ বিদেশী কৰ্মীসকলৰ বাবে ২ লাখ ৩৪ হাজাৰ ৯০০ খন আসন সংৰক্ষণ কৰিছে ৰুছ প্ৰশাসনে৷ ইয়াৰ মাজত ৭১ হাজাৰ ৮১৭ জন ভাৰতীয় কৰ্মী নিয়োগ কৰিব পাৰিব তাৰ বিভিন্ন সংস্থাই৷
ৰুছ সংস্থাত চাকৰি বা কাম পালে এই দেশৰ শ্ৰমিকে ৰুবেল পাব৷ বিগত তিনিবছৰৰ বেছি সময় ধৰি নতুন দিল্লী আৰু মস্কোৰ মাজত ৰুপি ভাৰতীয় টকা আৰু ৰুবেলৰ বাণিজ্য চলিছে৷ চলিত বছৰত ভাৰত যাত্ৰালৈ অহাৰ কথা আছে ৰুছ প্ৰেছিডেণ্ট পুটিনৰ৷ তাতেই লেনদেন সংক্ৰান্তিয় নতুন ব্যৱস্থা তৈয়াৰ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁ কথাবাৰ্তা পতাৰো সম্ভাৱনা আছে বুলি জনাইছে বিশেষজ্ঞসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















