নিজকে ভাইৰেল কৰিবলৈ এইখন পৃথিৱীত মানুহে আৰু কিমান আজৱ কাণ্ড-কাৰাখানা সংঘটিত কৰি নুফুৰে!
এইবাৰ এগৰাকীৰ সুন্দৰী যুৱতীয়ে এজোপা পবিত্ৰ তথা প্ৰায় ৭০০ বছৰীয়া পুৰণি প্ৰকাণ্ড গছৰ গুৰিত উলংগ ফ’টো উঠি সামাজিক মাধম্যত শ্বেয়াৰ কৰি কাৰাদণ্ডৰ ৰায় লাভ কৰিছে৷
এই সুন্দৰী যুৱতীগৰাকী আন কোনো নহয়, তেওঁ হৈছে ৰাছিয়াৰ এগৰাকী প্ৰভাৱশালী নাৰী এলিনা ফাজলীভা৷ এলিনাই ইন্দোনেছিয়াৰ বালিৰ ৭০০ বছৰীয়া পুৰণি এজোপা পবিত্ৰ বুলি পৰিচিত গছৰ তলত উলংগ হৈ ফ’টো উঠে৷
লগতে পঢ়ক ‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ
ইমানেই নহয়, ফ’টো উঠি এলিনাই সেই ফ’টো ইনষ্টাগ্ৰাম হেণ্ডলতো শ্বেয়াৰ কৰে৷ ইয়াৰ পিছতে বালিৰে এজন উদ্যোগী নিলুহ ডজেলান্তিকে এলিনাৰ উক্ত ফ’টোসমূহৰ বিৰুদ্ধে প’ৰ্ণগ্ৰাফিক শ্ৰেণীৰ ফ’টো বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷
উদ্যোগীজনে কয় যে বালিৰ টাবানাৰ বাবাকন মন্দিৰত থকা উক্ত ৭০০ বছৰীয়া পুৰণি প্ৰকাণ্ড গছজোপাক স্থানীয় লোকে পবিত্ৰ বুলি গণ্য কৰাই নহয়, ইয়াক পূজা কৰিও আহিছে৷
আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতে এলিনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়৷ ইন্দোনেছিয়াৰ ইনফ’ৰমেচন এণ্ড ইলেক্ট্ৰণিক ট্ৰেনছেকচনছ আইন(ITE)ৰ অধীনত দোষী সাব্যস্ত কৰি এলিকাক ৭৮,০০০ ইউৰো জৰিমনাৰ লগতে ছবছৰ কাৰাদণ্ড বিহা হৈছে৷
লগতে পঢ়ক পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?
অৱশ্যে স্থানীয় লোকৰ প্ৰতিক্ৰিয়াৰ পিছতে এলিনাই ইনষ্টাগ্ৰামৰ পৰা উক্ত ফ’টোসমূহ দিলিট কৰি ক্ষমা ভীক্ষাও কৰিছে৷
‘‘বালি আৰু ইন্দোনেছিয়াৰ লোকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছো৷ মোৰ কামৰ বাবে মই অনুতপ্ত৷’’ এটা ভিডিঅ’ত এলিনা ফাজলীভাই কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ