কালি অৰ্থাৎ বৃহস্পতিবাৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ দুদিনৰ ভাৰত যাত্ৰাত একাধিক কাৰ্যসূচী আছে তেওঁৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নৈশভোজৰ পৰা আৰম্ভ কৰি ভাৰত-ৰাছিয়া ছামিটতো তেওঁলোকে অংশগ্ৰহণ কৰিব৷ ৰুছ প্ৰেছিডেণ্টৰ নিৰাপত্তাক লৈয়ো ডাঙৰ ব্যৱস্থা কৰা হৈছে৷ তৈয়াৰ কৰা হৈছে পাঁচস্তৰীয় নিৰাপত্তা ব্যৱস্থা৷ প্ৰেছিডেণ্ট পুটিনৰ বাবে আগেভাগেই বিশেষ বাহন, ৱাছ চেনাট যেনেকৈ আহিছে তেনেকৈ আহিছে এক বিশেষ ছুটকেছো৷ কি বৈশিষ্ট্য এই ছুটকেছৰ?
জানিলে আচৰিত হ’ব যে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন অন্য কোনো দেশলৈ গলে তাৰ হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে৷ মল মূত্ৰ ত্যাগ নকৰে তেওঁ সেই হোটেল বা অতিথিশালাৰ ৰুমৰ টয়লেটত৷ তেন্তে ক’ত নিত্যকৰ্ম কৰে পুটিনে? সেই কথা বহুজনেই জানিব খোজে৷ পুটিন কোনো দেশলৈ যাত্ৰা কৰিলে তেওঁৰ দেহৰক্ষীৰ সৈতে থাকে পুপ ছুটকেছ৷ যেতিয়া প্ৰয়োজন হয় এই ছুটকেছতেই যাৱতীয় কাম কৰে পুটিনে৷
কিয় বাহিৰৰ কোনো শৌচাগাৰলৈ নাযায় পুটিন?
পুটিন বাহিৰৰ শৌচাগাৰলৈ নোযোৱাৰ কাৰণ হৈছে তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা কোনোৱে যাতে জানিব নোৱাৰে৷ ৰুছ প্ৰেছিডেণ্টক মৰাৰ চেষ্টা বহুজনেই কৰি থাকে৷ ইফালে তেওঁৰ স্বাস্থ্যক লৈয়ো বিস্তৰ জল্পনা চলিছে৷ কেতিয়াবা কেতিয়াবা দেখা যায় পুটিনৰ হাত কঁপে৷ কেতিয়াবা আকৌ শুনা যায় পুটিন মাৰণ ৰোগত আক্ৰান্ত৷ কিন্তু মস্কোৱে কেতিয়াও পুটিনৰ স্বাস্থ্যক লৈ মুখ খোলা নাই৷ এই পৰিস্থিতিত পুটিনৰ মল মূত্ৰ আদি যদি শত্ৰুৰ হাতলৈ যায় আৰু সেয়া পৰীক্ষা কৰে তেন্তে পুটিনৰ স্বাস্থ্য সম্পৰ্কে জানিব পাৰিব৷ সেই আশংকাতেই পুটিনৰ সৈতে সকলো সময়তে থাকে পুপ ছুটকেছ৷
ইয়াৰোপৰি ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ খোৱাবোৱাৰ বাবেও তেওঁৰ বিমানত আছে পাৰ্ছনেল ফুড লেব৷ এসপ্তাহৰ খাদ্য, ব্যক্তিগত ৰান্ধনিও আহে মস্কোৰ পৰাই৷ যিমানেই আমন্ত্ৰণ নকৰক কিয় বিষক্ৰিয়াৰ আশংকাত বাহিৰৰ কোনো খাদ্যই গ্ৰহণ নকৰে পুটিনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















