১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ছেইফৰ আক্ৰমণকাৰকী শ্বাহজাদ
ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ ঘটনাৰ বিভিন্ন দিশৰ পৰা তদন্ত অব্যাহত আছে। ইতিমধ্যে এই গোচৰত বাংলাদেশৰ শ্বাহজাদ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
তদন্তৰ বাবে সেই অভিযুক্তকে এতিয়া ১৪ দিনৰ বাবে আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আজি বুধবাৰে বান্দ্ৰা আদালতে আক্ৰমণকাৰীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
সংবাদ সংস্থা এএনআইৰ মতে, অভিনেতা ছেইফ আলী খানক ছুৰীৰে আঘাত কৰাৰ গোচৰত অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মুম্বাইৰ বান্দ্ৰা আদালতে। অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদৰ হৈ অধিবক্তা সন্দীপ শ্বেৰখানে কয় যে, ‘তদন্তৰ বাবে আৰক্ষীৰ জিম্মা প্ৰদানৰ কোনো ভিত্তি নাছিল বাবে ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে’।
আনহাতে দণ্ডাধীশে কয় যে তদন্ত সম্পূৰ্ণ হৈছে। এতিয়া যেন আৰক্ষীৰ জিম্মাত লোৱাৰ প্ৰয়োজন নাই। যদি তদন্তত নতুন কিবা আহে, তেন্তে নতুন বিএনএছএছ আইন অনুসৰি পিছত আৰক্ষীৰ জিম্মা বিচাৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ